ETV Bharat / health

এই বিশেষ ফটো কেইখনে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য - Vastu Tips

Vastu Tips: আমাৰ ঘৰখন আকৰ্ষণীয় আৰু ধুনীয়া দেখাবলৈ আমি ঘৰলৈ বহুতো সজ্জা সামগ্ৰী লৈ আহে । ফুল, প্ৰতিমূৰ্তি আৰু ছবিৰ দৰে বিশেষকৈ আমি আমাৰ ঘৰত দেৱাল সজাই তোলা ছবিবোৰ বাস্তু শাস্ত্ৰৰ মতে, আমাৰ জীৱনত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ পেলাব পাৰে ।

These special photos will change your destiny! Learn the details
এই বিশেষ ফটো কেইখনে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 30, 2024 at 2:28 PM IST

2 Min Read
Choose ETV Bharat

আমি আমাৰ ঘৰখনক ধুনীয়া কৰি ৰাখিবলৈ বহুতো কত কি নকৰো কেতিয়াবা কোনোবা ঠাই উজ্বল দেখাবলৈ যদি লাইট লগাও তেনহ’লে কেতিয়াবা আকৌ উইন্দ শ্বাৰ্ম, ড্ৰিম কেটশ্বাৰ, বিভিন্ন ধৰণৰ আচবাব, বিভিন্ন ধৰণৰ চিত্ৰ, পুৰণি ফটো ইত্যাদি ৷ ঠিক তেনে বহুলোকে বিভিন্ন ধৰণৰ ফটোও লগোৱা দেখা যায় ৷ কিন্তু আপুনি জানেনে বাস্তুশাস্ত্ৰ মতে, প্ৰত্যেকটো ফটোৰ অৰ্থ বেলেগ বেলেগ হয় ৷

These special photos will change your destiny! Learn the details
এই বিশেষ ফটো কেইখনে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য (FREEPIK)

আমাৰ ঘৰখন আকৰ্ষণীয় আৰু ধুনীয়া দেখাবলৈ আমি ঘৰলৈ বহুতো সজ্জা সামগ্ৰী লৈ আহো যেনে- ফুল, প্ৰতিমূৰ্তি আৰু ছবিৰ দৰে বিশেষকৈ আমি আমাৰ ঘৰত দেৱাল সজাই তোলা ছবিবোৰ বাস্তু শাস্ত্ৰৰ মতে আমাৰ জীৱনত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ পেলাব পাৰে ৷

আজি জানো আহক কেনেধৰণৰ ফটোৱে সলনি কৰিব আপোনাৰ ভাগ্য…

কুবেৰৰ ফটো

কুবেৰৰ ফটো আপোনাৰ ঘৰলৈ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱেই সৃষ্টি কৰিব পাৰে ৷ যদি কুবেৰৰ ফটো উত্তৰ দিশত ৰাখো সেয়া আমাৰ জীৱনৰ বাবে অতি ভাগ্যশালী বুলি গণ্য কৰা হয় ৷ ইয়াৰ বাহিৰেও সূৰ্যৰ ফটোখন পূব দিশত ৰখাটো ভাল বুলি বিবেচিত কৰা হয় ৷ বাস্তুৰ মতে, ইয়াৰ ফলত ঘৰত ধন অহাৰ বাট মুকলি হয় ৷ কিন্তু ভুল দিশত ৰাখিলে ই ঘৰত নেতিবাচক প্ৰভাৱৰ সৃষ্টি কৰিব পাৰে ৷

পৰিয়ালৰ ছবি

বাস্তুশাস্ত্ৰৰ মতে, ঘৰৰ দক্ষিণ-পূব কোণত এখন ধুনীয়া পাৰিবাৰিক ছবি ৰাখিব পাৰে৷ বাস্তুশাস্ত্ৰত ইয়াক অতি শুভ বুলি গণ্য কৰা হয় ৷

ৰাধা-কৃষ্ণ

ঘৰৰ বেডৰুমৰ উত্তৰ-পশ্চিম কোণত ৰাধা-কৃষ্ণৰ এখন ছবি ৰাখিব পাৰিলে খুব ভাল, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ বৈবাহিক জীৱনত প্ৰেম বজাই ৰখাত সহায় হয় ৷

মাছৰ ছবি

বাস্তু শাস্ত্ৰৰ মতে, ঘৰত একুৰিয়াম ৰখাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়, কিন্তু যদি আপোনাৰ ঘৰত একুৰিয়াম ৰাখিব নোৱাৰে তেন্তে একুৰিয়ামৰ ফটো বা ঘৰত মাছৰ ছবি এখন বেৰত আৰি ৰাখিব পাৰে ৷ মাছৰ ছবি ৰাখিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয় ৷

লগতে পঢ়ক: ৰুটি গণনা কৰি বনাই নেকি ? এই কথা জনাৰ পিছত নিশ্চয়কৈ দুনাই নকৰে এই কাম - VASTU TIPS

লগতে পঢ়ক: এটা লঙে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য কিন্তু কেনেকৈ ? - Vastu Tips

লগতে পঢ়ক: আপোনাৰ সপোন পূৰ কৰিবলৈ কৰক এই উপায়: বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ টিপছ - Vastu tips for manifestation