ETV Bharat / state

আপোনাৰ সপোন পূৰ কৰিবলৈ কৰক এই উপায়: বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ টিপছ - Vastu tips for manifestation - VASTU TIPS FOR MANIFESTATION

Vastu tips for manifestation : মনত বহু আশা আছে কিন্তু সেই আশা বা সপোনবোৰ পূৰ হোৱা নাই নেকি ? তেন্তে কৰক এই উপায় । সংখ্যাতত্ত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ বিশেষ টিপছ...

Vastu tips for manifestation
আপোনাৰ সপোন পূৰ কৰিবলৈ কৰক এই উপায়: বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ টিপছ
author img

By ETV Bharat Assamese Team

Published : April 28, 2024 at 4:46 PM IST

2 Min Read
আপোনাৰ সপোন পূৰ কৰিবলৈ কৰক এই উপায়: বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনৰ টিপছ

গুৱাহাটী, 28 এপ্ৰিল : বৰ্তমান সময়ত মেনিফেষ্টেশ্যন এক জনপ্ৰিয় চৰ্চিত বিষয় ৷ মেনিফেষ্টেশ্যন হৈছে এগৰাকী লোকৰ ইচ্ছা অথবা তেওঁ মনে বিচৰা আশা ৷ সকলো মানুহৰ কিছু মনৰ আশা বা সপোন থাকে । কিন্তু কেতিয়াবা এনেকুৱা কিছু বাধা বা কিছু ঘাট প্রতিঘাটৰ বাবে সেই সমূহ মনৰ ইচ্ছা পূৰণ নহয় ।

যদি আপোনাৰ লগতো এনেকুৱা কিবা ঘটি আছে বা বহু চেষ্টা কৰাৰ পাচতো আপুনি আপোনাৰ মনোকামনাসমূহ পূৰণ কৰিব পৰা নাই তেন্তে এইসমূহ উপায় অৱলম্বন কৰিব পাৰে ৷ যাৰ দ্বাৰা আপুনি আপোনাৰ মনৰ যিবোৰ সপোন বা আশা আছে সেইবোৰ পূৰণ কৰিব হোৱাত সহায়ক হ'ব ।

তাৰ বাবে আপোনাক লাগিব এখন সৰু কাগজ । লগতে এটা ৰঙা চিয়াঁহীৰ এটা কলম। বিধিটোৰ কাৰণে শনিবাৰে আপোনাৰ ঘৰৰ পশ্চিম দিশত মম এডাল জ্বলাব । মম ডাল জ্বলাই তাৰ সন্মুখত আপুনি বহি ল'ব । তাৰ পাচত ৫ ৰ পৰা ১০ মিনিট সময় তাত ধ্যান কৰিব ।

যেতিয়া আপুনি ধ্যান কৰিব তেতিয়া আপোনাৰ যিবোৰ মনৰ ইচ্ছা বা সপোন আছে যেনে আপোনাক যদি ভাল চাকৰি এটা লাগে, যদি ব্যৱসায়ত উন্নতি লাগে আদিকে ধৰি যিবোৰ আপোনাৰ আশা আছে সেইসমূহ মনতে ভাবি ল'ব, যে আপোনাৰ যিবোৰ মনৰ আশা আছে সেই সমূহ আপুনি লাভ কৰিছে ।

তাৰ পাচত সেই বগা কাগজখনত, ৰঙা কলমটোৰে আপুনি বিচৰা বস্তুটো পায় যোৱা বুলি লিখিব লগতে ভগৱানক তাৰ বাবে ধন্যবাদ জনাব । তাৰ পাচত কাগজখন তিনিটা ভাঁজত ভাঁজ কৰি বাওঁহাতত থৈ সোঁ হাতেৰে ঢাকি লৈ ৫/১০ মিনিট কামটো হৈ গৈছে বুলি ধ্যান কৰিব । তাৰ পাচত সেই মম ডালত কাগজখন জ্বলাই দিব ।

ইয়াৰ পৰা যিখিনি ছাই ওলাই সেইখিনি থৈ দিব । এনেদৰে ২১ দিন কৰিব লাগিব । ২১ দিন হৈ যোৱাৰ পাচত জমা হোৱা ছাই খিনি নদীত উটুৱাই দিব বা গছৰ তলত গাঁত খান্দি পুতি থব । এনে কৰাৰ ফলত আপোনাৰ সমস্যাসমূহ লাহে লাহে দূৰ হ'ব আৰু সপোন বা মনৰ আশাবোৰ পূৰণ হোৱাটো সহায় হ'ব ।

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.