ETV Bharat / state

Scam in GMC: GMCৰ বোকা কেলেংকাৰী সন্দৰ্ভত ‘কেগ’ৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:50 PM IST

বোকা নিষ্কাশনৰ নামত ১.১৯ কোটি টকাৰ ৪৫.৭৫ লাখ টকাই প্ৰৱঞ্চনাৰে সৰকাই নিয়া হৈছিল । মাৰুতি ৱাগানাৰৰ পঞ্জীয়ন নম্বৰ এক্সকেভেটৰত দেখুৱাই লুণ্ঠন । ব্যক্তিগত গাড়ীৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ ডাম্পাৰ আৰু এক্সকেভেটৰত । ৩৯.৬ লাখ টকাৰ ব্যয়ৰ সমৰ্থনত নাছিল কোনো নথি-পত্র ।

Etv Bharat
Etv Bharat

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ ক্ষেত্রত গুৱাহাটী পৌৰ নিগমৰ ভূমিকা অপৰিসীম । কিন্তু কাৰ্যক্ষেত্রত সেই ভূমিকা পালনত চূড়ান্ত ৰূপে ব্যৰ্থ হৈছে গুৱাহাটী পৌৰ নিগম ।

ইফালে, গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে আছে দুৰ্নীতি আৰু অনিয়মৰ একাধিক অভিযোগ । লক্ষণীয় বিষয় যে গুৱাহাটী পৌৰ নিগমে বিভিন্ন আঁচনি গ্ৰহণ কৰে যদিও ৰূপায়নৰ বেলিকা কাৰ্যতঃ সফল হোৱা পৰিলক্ষিত নহয় ।

Scam in GMC
বোকা নিষ্কাশনৰ নামত ৪৫.৭৫ লাখ টকা হৰলুকি

উল্লেখ্য যে মহানগৰীৰ দীৰ্ঘদিনীয়া কৃত্রিম বানপানীৰ সমস্যা সমাধানৰ বাবে প্ৰত্যেক বছৰে কোটি কোটি টকা ব্যয় কৰা হয় যদিও আজিলৈকে মহানগৰবাসী এই সমস্যাৰ পৰা মুক্ত হোৱা নাই । গুৱাহাটী পৌৰ নিগমে মহানগৰীক কৃত্রিম বানৰ পৰা মুক্ত কৰাৰ বাবে সময়ে সময়ে আঁচনি লৈছে যদিও সফল হ'ব পৰা নাই ।

ইফালে, বাৰিষাৰ পূৰ্বে নলা-নৰ্দমা খন্দা আৰু চাফা কৰাৰ নামত প্ৰত্যেক বছৰে পৌৰ নিগমে কোটি কোটি টকা ব্যয় কৰি আহিছে । কিন্তু এজাক বৰষুণ দিলেই সকলো নিঃচিহ্ন হৈ যায় । অৱশ্যে বহু সময়ত হোৱা দুৰ্নীতি আৰু অনিয়নমৰ বাবে আঁচনিসমূহৰ সুফল লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে মহানগৰবাসী ।

উল্লেখ্য যে শেহতীয়াকৈ পৌৰ নিগমত সংঘটিত হোৱা ২০ কোটি টকীয়া বোকা নিষ্কাশনৰ কেলেংকাৰীয়ে ৰাজ্যজুৰি তোলপাৰ লগাইছিল । তদন্ত বিচাৰি সেই সময়ৰ পৌৰ নিগমৰ আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত গোচৰ তৰিছিল ।

সেই গোচৰৰ ভিত্তিত কেইবাগৰাকী উচ্চপদস্থ বিষয়াক মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল । উল্লেখ্য যে পৌৰ নিগমৰ বোকা নিষ্কাশনৰ কেলেংকাৰী সন্দৰ্ভত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ (কেগ) শেহতীয়া প্ৰতিবেদনত কেলেংকাৰীৰ বহু দিশ উন্মোচিত হৈছে ।

কেগৰ তথ্য মতে পৌৰ নিগম কৰ্তৃপক্ষই ভৰলু নৈৰ বোকা নিষ্কাশনৰ বাবে ১.১৯ কোটি টকা পৰিশোধ কৰিছিল । কিন্তু ইয়াৰে ৪৫.৭৫ লাখ টকা প্ৰৱঞ্চনামূলক বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে ।

লক্ষণীয় বিষয় যে এনে কামৰ ক্ষেত্রত প্রাকঃকলন প্রস্তুত কৰা, কাৰিকৰী অনুমোদন, প্রশাসনিক অনুমোদন আৰু প্ৰণালীবদ্ধ ৰেকৰ্ডিং কৰাৰ প্ৰয়োজন থাকে । কিন্তু ভৰলু নৈৰ বোকা নিষ্কাশন আৰু পৰিষ্কৰণৰ উদ্দেশ্যে পৌৰ নিগমে GMCৰ ডিভিজন ৪ আৰু ৫ৰ গেৰেজ শাখাৰ কাৰ্যবাহী অভিযন্তাক ১.১৯ কোটি টকা পৰিশোধ কৰিছিল ।

বোকা নিষ্কাশনৰ বাবে কোনো ঠিকাদাৰক নিযুক্ত নকৰাকৈ বিভাগীয়ভাৱে কাম-কাজ সম্পাদন কৰা হৈছিল । এইক্ষেত্ৰত কেগে হিচাপ পৰীক্ষা কৰাত অনিয়মসমূহ ধৰা পৰে । বিশেষকৈ উক্ত ধনৰাশিৰ ৪৩.১৬ লাখ টকা যন্ত্রপাতি আৰু ইন্ধনত ব্যয় কৰা দেখুওৱা হৈছিল ।

GMCৰ যন্ত্রপাতিৰ লকবুকত বোকা নিষ্কাশনৰ বাবে 21 খন ডাম্পাৰ, এখন এক্সকেভেটৰ আৰু চাৰিখন ফকলেন ব্যৱহাৰ কৰাটো উল্লেখ আছিল । পিচে 21খন ডাম্পাৰৰ ভিতৰত আঠখন ক্ৰমে মটৰ চাইকেল, তিনিচকীয়া বাহন, বাছ, সামগ্রী কঢ়িওৱা বাহন, ব্যক্তিগত গাড়ী আছিল ।

আনকি GMCৰ দুৰ্নীতিগ্রস্ত বিষয়াই ভৰলু নিষ্কাশনৰ ধন আত্মসাতৰ বাবে মাৰুতি ৱাগানাৰৰ পঞ্জীয়ন নম্বৰ এক্সভেটৰৰ বুলি দেখুৱাইছিল । যি কথা কেগৰ প্ৰতিবেদনত স্পষ্টভাৱে কোৱা হৈছে ।

তদুপৰি যন্ত্রপাতিৰ বাবে ভাড়া আৰু ইন্ধনত ব্যয় কৰা ৬.১ লাখ টকা প্ৰৱঞ্চনামূলক বুলিও প্রতিবেদনখনত কোৱা হৈছে । কেৱল এয়াই নহয় ৩৯.৬ লাখ টকাৰ ব্যয়ৰ সমৰ্থনত নাছিল কোনো নথি-পত্র । আকৌ গেৰেজ শাখাই ফকলেন ব্যৱহাৰৰ বাবে মেছাৰ্ছ এছ বি এণ্টাৰপ্ৰাইজৰ নামত এখন বিল দাখিল কৰি GMCৰ আয়ুক্তৰ পৰা চল্লিশ লাখ টকা বিচাৰিছিল ।

এনেদৰে ভৰলু নৈৰ বোকা নিষ্কাশনৰ নামত অবাধ লুণ্ঠন চলাইছিল GMCৰ কেইবাগৰাকীও দুর্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীয়ে । এই ধনৰাশি ক্রমে ২০১৭, ২০১৯ আৰু ২০২২ চনত অতি প্ৰৱঞ্চনাৰে সৰকোৱা হৈছিল বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে ।

জি এম চিৰ তিনিটা পৃথক বিভাগৰ দ্বাৰা বোকা নিষ্কাশনৰ কামৰ কোনো প্রাকঃকলন প্রস্তুত নকৰাকৈ প্ৰশাসনিক অনুমোদন আৰু কাৰিকৰী অনুমোদন বিহীনভাৱে এ এফ আৰ উলংঘন কৰি কৰা হৈছিল ।

এনেদৰে প্ৰয়োজনীয় সমর্থিত নথি-পত্রবিহীন ভাৱে ৪৫.৭৫ লাখ টকা ভৰলুৰ বোকা নিষ্কাশনৰ নামত আত্মসাৎ কৰা হয় ।

লগতে পঢ়ক: Barak Valley: বৰাকত অসমীয়া ভাষাক অস্তিত্বহীন কৰি অৱশিষ্ট দুই শতাধিক শিক্ষকক বদলিৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.