ETV Bharat / state

Barak Valley: বৰাকত অসমীয়া ভাষাক অস্তিত্বহীন কৰি অৱশিষ্ট দুই শতাধিক শিক্ষকক বদলিৰ সিদ্ধান্ত

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 3:09 PM IST

Barak Valley
Barak Valley

শিক্ষার্থী নথকাৰ অজুহাতত বৰাকত কৰ্মৰত অসমীয়া ভাষাৰ ২১০ গৰাকীশিক্ষকক বদলি কৰা হ'ব অন্য ঠাইলৈ । শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধন্তকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া । বৰাক উপত্যকাত অসমীয়া ভাষাৰ বহুল প্ৰচাৰৰ বাবে ব্যৱস্থা কৰাৰ বিপৰীতে কৌশলপূৰ্ণভাৱে শিক্ষক বদলিকৰণৰ যোগেদি অসমীয়া ভাষাক নোহোৱা কৰাৰ পৰিকল্পনা চৰকাৰৰ । বৰাকত সদায়ে এলাগী ৰাজ্যভাষা অসমীয়া ।

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: অসমৰে হোৱা স্বত্বেও বৰাক উপত্যকাত অসমীয়া ভাষাক এলাগী কৰি ৰখাটো নতুন কথা নহয় । বৰাক উপত্যকাত সকলো সময়তে অসমীয়া ভাষাটোক উপেক্ষা কৰা হয় । ইফালে বৰাকক অসমৰ পৰা পৃথক কৰাৰ দাবীও নতুন নহয় ।

শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ প্ৰসংগত বিচাৰিলে আলোচনা হ'ব পাৰে বুলি কোৱাৰ পিছত পৃথক বৰাকৰ দাবী অধিক তীব্ৰতৰ কৰি তোলিছে বৰাকৰ একাংশ সংগঠনে । উল্লেখ্য যে অসমীয়া ভাষাক এলাগী কৰি ৰখা বৰাকত কেইখনমান শিক্ষানুষ্ঠানৰ যোগেদি অসমীয়া ভাষাৰ অস্তিত্ব বৰ্তি আছিল যদিও অৱশেষত তাৰো প্ৰতি ভাবুকি আহি পৰিছে ।

জানিব পৰা মতে শিক্ষার্থী নথকাৰ অজুহাতত বৰাকৰ বিদ্যালয়সমূহত কৰ্মৰত অসমীয়া ভাষাৰ অৱশিষ্ট ২১০ গৰাকী শিক্ষকক অন্য ঠাইলৈ বদলিৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ শিক্ষা বিভাগে । উল্লেখ্য যে ২০১১ চনৰ পৰা ২০১৬ চনলৈ আৰু ২০১৬ৰ পৰা ২০২১ লৈ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে টেট উত্তীর্ণ শিক্ষকক নিযুক্তি দিয়া হৈছিল । বৰাকতো দিয়া হৈছিল নিযুক্তি ।

সেই সময়ত দিয়া নিযুক্তি তথা তাৰ পূৰ্বৰে পৰা শিক্ষকতা কৰি থকা অসমীয়া ভাষাৰ সমুদায় শিক্ষকক বৰাকৰ বিদ্যালয়ৰ পৰা অন্য অঞ্চললৈ বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লক্ষণীয় বিষয় যে কেৱল বৰাকতে নহয় ব্ৰক্ষ্মপুত্র উপত্যকাতে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে ।

সংলগ্নকৰণৰ নামত চৰকাৰে এখনৰ পাছত আনখনকৈ মাতৃভাষাৰ বিদ্যালয় বন্ধ কৰি দিছে । চৰকাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে মাতৃভাষা মাধ্যমটোক সংকটৰ মাজলৈ ঠেলি দিছে । ইফালে বৰাক উপত্যকাত অসমীয়া ভাষাৰ বহুল প্ৰচাৰৰ বাবে ব্যৱস্থা কৰাৰ বিপৰীতে চৰকাৰখনে কৌশলপূৰ্ণভাৱে শিক্ষক বদলিকৰণৰ যোগেদি বৰাকৰ পৰা অসমীয়া ভাষাক নোহোৱা কৰাৰ পৰিকল্পনাহে কৰিছে । যাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কি কাৰণে চৰকাৰে ৰাজ্যভাষা অসমীয়াক বৰাক উপত্যকাৰ পৰা নোহোৱা কৰিব বিচাৰিছে সেয়া ৰহস্যৰ বিষয় । লক্ষণীয় বিষয় যে বৰাকত অসমীয়া ভাষাৰ বেনাৰ-পোষ্টাৰ লগোৱাকলৈ প্ৰতিবাদ হয় । ৰাজ্যভাষা অসমীয়াৰ প্ৰয়োগক লৈয়ো বৰাকত প্ৰতিবাদ হয় যদিও চৰকাৰখনে ৰহস্যজনকভাৱে নিষ্ক্ৰিয় ভূমিকা পালন কৰি আহিছে ।

এইখিনিতে প্ৰশ্ন হয় যে খোদ অসম চৰকাৰেই বৰাকত অসমীয়া ভাষাৰ প্ৰয়োগ সম্পূৰ্ণৰূপে নোহোৱা হোৱাটো বিচাৰিছে নেকি । কাৰণ চৰকাৰৰ সিদ্ধান্তসমূহে তাৰেই ইংগিত বহন কৰিছে । ইফালে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে এটাৰ পাছত আনটোকৈ মাতৃভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আহিছে । যাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদো হৈছে ।

এইবাৰ চৰকাৰে বৰাকত অসমীয়া ভাষা একেবাৰে নোহোৱা কৰাৰ সিদ্ধান্ত লৈছে । লক্ষণীয় বিষয় যে স্বাধীনতাৰ পাছৰে পৰাই প্ৰতিখন চৰকাৰেই বৰাক উপত্যকাক উপেক্ষিত কৰি অহাৰ অভিযোগো নতুন নহয় । যাৰ পৰিপ্ৰেক্ষিতত বৰাকত ক্ষোভৰ পৰিৱেশ নথকা নহয় ।

বৰাকবাসীৰ মানসিকতাক চৰকাৰে উপলব্ধি কৰি সেই ধৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত বৰাক উপত্যকা আৰু ব্ৰক্ষ্মপুত্র উপত্যকাৰ মাজত থকা ব্যৱধান দিনক দিনে বৃদ্ধি পাইছে । আনহাতে চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে এইক্ষেত্রত আৰু অধিক ইন্ধন যোগাইছে ।

বিগত সময়ছোৱাত চৰকাৰে বৰাকত ৰাজ্যভাষা অসমীয়াৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে । মাতৃভাষাৰ বিদ্যালয়সমূহৰ উত্তৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । বৰং এতিয়া শিক্ষাৰ্থীৰ সংখ্যা হ্রাস হোৱাৰ গইনা লৈ শিক্ষা বিভাগে বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকসকলক অন্য ঠাইলৈ বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শেহতীয়াকৈ আগষ্ট মাহত দিছপুৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত শিক্ষা বিভাগৰ এখন পর্যালোচনা সভাত এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয় । সিদ্ধান্ত অনুসৰি বৰাকৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত অৱশিষ্ট ২০১ গৰাকী শিক্ষকক ৰাজ্যৰ আন জিলাৰ বিদ্যালয়লৈ বদলি কৰা হ'ব ।

লগতে পঢ়ক: Assam Education Department: অসমৰ বিদ্যালয়ত এইবাৰ ই-টেক্সটবুক, টেলি-ক্লাছৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা শিক্ষা বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.