ETV Bharat / state

Assam Education Department: অসমৰ বিদ্যালয়ত এইবাৰ ই-টেক্সটবুক, টেলি-ক্লাছৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা শিক্ষা বিভাগৰ

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 8:57 PM IST

শিক্ষাৰ্থী নথকাৰ অজুহাতত ৰাজ্যৰ শিক্ষা বিভাগে পুনৰ বন্ধ কৰিবলৈ আগবাঢ়িছে 11 সহস্ৰাধিক বিদ্যালয় ৷ তাৰ মাজতে শিক্ষক অবিহনে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে শিক্ষা বিভাগে ৷ কিন্তু কিয় ? সৱিশেষ পঢ়ক...

Assam Education Department
Assam Education Department

গুৱাহাটী, 22 ছেপ্টেম্বৰ: অসমৰ শিক্ষা বিভাগে শেহতীয়াকৈ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাত নামি পাৰিছে বুলি অভিযোগ উত্থাপন‌ হৈছে ।‌‌ শিক্ষা‌ বিভাগে প্ৰতিবছৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ‌কম হোৱাৰ‌ অজুহাত দেখুওৱাই বিদ্যালয় একত্ৰিকৰণৰ নামত হাজাৰ‌ হাজাৰ বিদ্যালয় বন্ধ কৰিবলৈ লৈছে ।‌

যোৱা‌ সময়ছোৱাত শিক্ষা‌ বিভাগে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ‌কম হোৱাৰ‌ অজুহাতত বিদ্যালয় একত্ৰিকৰণৰ নামত অতি কমেও ৯ হাজাৰ‌ বিদ্যালয় বন্ধ কৰিছে । শিক্ষা বিভাগে শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ‌কম হোৱাৰ‌ অজুহাতত আকৌ বিদ্যালয় একত্ৰিকৰণৰ নামত ১১ সহস্ৰাধিক বিদ্যালয় বন্ধ কৰাৰ‌ প্ৰস্তুতি গ্ৰহণ কৰিছে ।

এতিয়া আকৌ চৰকাৰী বিদ্যালয়ত শিক্ষক নোহোৱাকৈয়ে শিক্ষাদান কেনেকৈ কৰাব পাৰি তাৰেই নিত্য নতুন কৌশল উদ্ভাৱনত যেন ব্যস্ত হৈ পৰিছে শিক্ষা বিভাগ । শিক্ষা বিভাগে এইবাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, মাধ্যমিক বিদ্যালয়ৰ পাছত এইবাৰ মজলীয়া বিদ্যালয়তো অনলাইন পাঠদানৰ পৰিকল্পনা গ্ৰহণ কৰিছে ।

মন কৰিবলগীয়া যে শেহতীয়া বিধানসভাত চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰপৰা বিশ্ববিদ্যালয়লৈ প্ৰায় ২০ হাজাৰ শিক্ষকৰ পদ খালী হৈ আছে । চৰকাৰী নীতি অনুসৰি মজলীয়া বিদ্যালয়ত তিনিটা ভাষা শিকাব লাগে ।

প্রথমটো আধুনিক ভাৰতীয় ভাষা (এম আই এল), দ্বিতীয়টো ইংৰাজী আৰু তৃতীয়টো এম আই এলৰ বাহিৰে তালিকাভুক্ত অন্য এটা ভাষা । এই তৃতীয় ভাষাটো ঐচ্ছিক। সেয়া হিন্দীও হ’ব পাৰে বা অন্য ভাষাও হ’ব পাৰে ।

মন কৰিবলীয়া যে সেই হিচাপত মজলীয়া বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তালিকাভুক্ত যিকোনো এটা ভাষা পঢ়িবলৈ ল’ব পাৰে । কিন্তু ভাষাটো শিকাবলৈ শিক্ষক উপলব্ধ নহবও পাৰে।

শিক্ষা বিভাগে কৈছে যে একোটা ভাষাৰ শিকাৰুৰ শিক্ষাৰ্থীৰ সংখ্যা কমেও দহজন হ’লেহে শিক্ষক নিযুক্তি দিয়া হ’ব । শিক্ষকৰ নিযুক্তি নহ’লেও কথা নাই । শিক্ষা বিভাগে ‘ই-টেক্সটবুক, ই-লেছন্‌ছ, টেলি-ক্লাছৰ ব্যৱস্থা কৰিব ।

বিভাগে লগতে কৈছে যে প্রকৃততে মজলীয়া বিদ্যালয়ত হিন্দী-শিক্ষকৰ কোনো নিয়মীয়া পদেই নাই । বিভিন্ন কেন্দ্রীয় আঁচনি বিপৰীতে থকাৰ লগতে আৰু প্ৰাদেশিকীকৰণৰ সময়ত বহু বিদ্যালয়ত হিন্দী শিক্ষকৰ পদ লোৱা হৈছিল ।

এই সম্পর্কত প্রাথমিক শিক্ষা সঞ্চালকক এটা তদন্তও কৰিবলৈ কোৱা হৈছে । লক্ষণীয় যে শিক্ষা বিভাগে ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সৈতে হোৱা আলোচনামর্মে মজলীয়া বিদ্যালয়ত চতুর্থ ভাষা হিচাপে স্থানীয় ভাষা এটা শিকোৱাৰ সিদ্ধান্তও লৈ থৈছে ।

সদ্যহতে অৱশ্যে ইয়াক কাৰ্যকৰী কৰাৰ সম্ভাৱনা নাই । এনেদৰে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰহসনত পৰিণত কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: Assam govt school: শিক্ষাখণ্ডৰ দুৰৱস্থা; পুনৰ ৰাজ্যৰ 11 সহস্ৰাধিক বিদ্যালয় বন্ধ হোৱাৰ পথত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.