ETV Bharat / state

Assam govt school: শিক্ষাখণ্ডৰ দুৰৱস্থা; পুনৰ ৰাজ্যৰ 11 সহস্ৰাধিক বিদ্যালয় বন্ধ হোৱাৰ পথত

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:19 PM IST

একত্ৰীকৰণ, সংলগ্নকৰণৰ নামত প্ৰকৃতাৰ্থত বন্ধ হৈছে ৰাজ্যৰ সহস্ৰাধিক বিদ্যালয় ৷ সবিশেষ আগলৈ-

Schools in Assam are on the verge of closure
বিদ্যালয় বন্ধ হোৱাৰ পথত

গুৱাহাটী, 21 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ ভুল নীতি তথা চৰম অৱহেলাৰ বাবে ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে ঢাল খাইছে । শেহতীয়াকৈ ৰাজ্যত বন্ধ হ’বলৈ গৈ আছে হাজাৰ হাজাৰ ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় । শিক্ষকৰ অভাৱত বা আন্তঃগাঁথনিৰ অভাৱত নহয়; বৰঞ্চ ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ‌ বাবে বন্ধ হ’বলৈ ওলাইছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় ৷

চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যত পুনৰ দহ সহস্ৰাধিক বিদ্যালয় বন্ধ হোৱাৰ বাট প্ৰশস্ত হৈ পৰিছে । উল্লেখ্য যে, এই বিদ্যালয়সমূহ ৰাইজৰ আপ্ৰাণ চেষ্টাত গঢ় লৈ উঠিছিল । এতিয়া চৰকাৰৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে এই হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হ’ব । লক্ষণীয় যে এই বিদ্যালয়সমূহ একত্ৰীকৰণৰ নামত বন্ধ কৰাৰ বাবে সাজু হৈছে ডাঃ ৰণোজ পেগু নেতৃত্বাধীন শিক্ষা বিভাগ ।

ইপিনে এই সন্দৰ্ভত বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্পষ্টীকৰণ দিয়ে । তেওঁ কয়, ‘‘কোনো বিদ্যালয় বন্ধ নহয় আৰু কোনো ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত নহয় । বহনক্ষম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা (sustainable enrolment) নথকা বিদ্যালয়সমূহ ওচৰা-ওচৰিকৈ থাকিলে একত্ৰীকৰণ কৰা হ’ব । ’’

schools in Assam are on the verge of closure
বিদ্যালয় বন্ধ হোৱাৰ পথত

উল্লেখ্য যে, একত্ৰীকৰণ, সংলগ্নকৰণ আদিৰ নামত চৰকাৰ তথা শিক্ষা বিভাগে ইখনৰ পিচত সিখন বিদ্যালয় বন্ধ কৰি আহিছে । শিক্ষা বিভাগৰ এক সূত্ৰৰ মতে ২০১৭ চনৰ পৰা বৰ্তমানলৈকে একত্ৰীকৰণ, সংলগ্নকৰণৰ নামত প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পর্যন্ত বন্ধ হৈছে প্ৰায় ৯ সহস্ৰাধিক শিক্ষানুষ্ঠান ।

schools in Assam are on the verge of closure
বন্ধ হ’ব লগা বিদ্যালয়মসমূহৰ তালিকা

ইয়াৰ মাজতে এইবাৰ ছাত্ৰ-ছাত্ৰী নথকাৰ অজুহাতত একত্ৰীকৰণৰ নামত ১১ সহস্ৰাধিক বিদ্যালয় বন্ধ কৰাৰ তৎপৰতা চলাইছে শিক্ষা বিভাগে । উল্লেখ্য যে, শিক্ষা বিভাগৰ শিক্ষা সেঁতু এপৰ তথ্য অনুসৰি ৰাজ্যৰ ২৫ খন বিদ্যালয়ত এজনো ছাত্ৰ-ছাত্ৰী নাই ।

schools in Assam are on the verge of closure
বন্ধ হ’ব লগা বিদ্যালয়মসমূহৰ তালিকা

ইয়াৰে ডিমা হাচাও জিলাত ১৭ খন, কাৰ্বি আংলং জিলাত ৭ খন আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১ খনকৈ বিদ্যালয়ত এজনো ছাত্ৰ-ছাত্ৰী নাই । আকৌ ৰাজ্যৰ ৩১ খন বিদ্যালয়ত আছে মাত্ৰ ১ জনকৈ ছাত্ৰ । ৬৫ খন বিদ্যালয়ত আছে দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰী । শিক্ষা বিভাগৰ শিক্ষা সেঁতু এপৰ তথ্য অনুসৰি ৰাজ্যৰ ১১,২৭২ খন বিদ্যালয়ত আছে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী । ইয়াৰে ৩৫৩৬ খন‌ বিদ্যালয়ত ১৫ জনতকৈ কম ছাত্ৰ-ছাত্ৰী আছে ।

লগতে পঢ়ক : Govt Schools Shut Down: নলবাৰীত পুনৰ চৈধ্যখনকৈ চৰকাৰী বিদ্যালয় বন্ধ কৰিলে শিক্ষা সঞ্চালকালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.