ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 4, 2022, 9:13 AM IST

TOP 10 AT 9 AM
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

হৃদযন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ আছে অখিল গগৈ (Akhil Gogoi under treatment in Bengaluru) ৷ দাড়ি-চুলি কাটি বাংগালুৰুৰ নাৰায়ণা হাস্পতালত অখিল গগৈক এইদৰেই সাজু কৰি তোলা হৈছে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে ৷ শনিবাৰে বাংগালুৰুত হ’ব অখিল গগৈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (Akhil Gogoi undergoes heart surgery) ৷

Pray for Akhil Gogoi: শিৱসাগৰৰ ধৰ্মীয় অনুষ্ঠানত অখিল গগৈৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা শুভাকাংক্ষীৰ

বিগত কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে শুভাকাংক্ষী সকলে ।বাংগালুৰুত চিকিৎসাধীন হৈ থকা বিধায়কগৰাকীৰ শনিবাৰে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰপ্ৰচাৰ কৰিব চিকিৎসকে (Heart surgery of Akhil Gogoi) ।

Piyush Hazarika got angry: পুলিচ আমাৰ মতে চলে ডিচিয়ে আমাৰ কথা শুনে; পীযুষ হাজৰিকাৰ হুংকাৰ

বৃহস্পতিবাৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯ নং কিনাপথাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰিকাই (DAC election campaign in Lakhimpur)৷ ভাষণ প্ৰদান কৰি থকা অৱস্থাতে জেপিপি দলৰ একাংশ সমৰ্থকে সভা গৃহৰ সন্মুখৰ পথেৰে যাত্ৰা কৰি অৱস্থাত দীঘলীয়াকৈ হৰ্ণ বজোৱাত ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী ৷

Firing at Imran Khan Rally : আততায়ীৰ গুলীত আহত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰেলীত গুলীচালনাৰ ঘটনা (Firing at Imran Khan container rally in Pakistan) । গুলীচালনাৰ ঘটনাত ইমৰাণ খানৰ ভৰিত গুলীলগা বুলি জানিব পৰা গৈছে (Imran Khan injured in firing) ।

Wine Shop Controversy: নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা আছুৰ

নতুনকৈ সুৰাৰ বিপনী খোলাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction about new wine shop license) । সমাজত নেতিবাচক প্ৰভাৱ পৰিব বুলি ইয়াৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা যোৰহাট আছু ৷

Sarbananda Sonowal in BJP office: বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'ত উপস্থিত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল(Assam state BJP office) । কাৰ্যালয়ত দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে সাংগঠনিক বিষয়ত আলাপ-আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

50th Anniversary of Media Movement: মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে আছুৰ বিশেষ অনুষ্ঠান

বৃহস্পতিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে অনুষ্ঠিত বিশেষ অনুষ্ঠান অনুস্থিত হয় (50th Anniversary of Media Movement) ৷ অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অতিথি অধ্যাপক অৱনী কুমাৰ ভাগৱতী, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত থাকে ৷

Elephant died in Goalpara: বোকাত আৱদ্ধ হৈ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু

গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু(Baby elephant died in Goalpara) ৷স্থানীয় লোকে জনোৱা অনুসৰি নিশাৰ ভাগত খাদ্যৰ সন্ধানত উলাই অহা দুটা হাতীৰ জাকৰ মাজত তয়া-ময়া ৰণ সংঘটিত হয় ৷ এই ঘটনাকতে বোকাত আৱদ্ধ হৈ হাতীৰ পোৱালিটোৰ মৃত্যু হয় ৷

Flood free Guwahati: এইবাৰ গুৱাহাটী পৌৰ নিগমে বানমুক্ত কৰিব গুৱাহাটীক

গুৱাহাটীবাসীক কৃত্ৰিম বান সমস্যাৰ পৰা সকাহ দিবৰ বাবে আহি আছে মিছন বানমুক্ত গুৱাহাটী (Mission Flood free Guwahati) ৷ ইয়াৰ অধীনত তৎকালীনভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি অনুষ্ঠিত এক বৈঠকত (GMDA review meeting)৷ বানমুক্ত গুৱাহাটীৰ বাবে ৰূপায়িত হ’বলগীয়া সকলোবোৰ প্ৰকল্পৰ ন’ডেল এজেন্সি হিচাপে গুৱাহাটী পৌৰ নিগমে দায়িত্ব পালন কৰিব ৷

DAC Election: মাজুলীত DAC নিৰ্বাচনৰ প্ৰচাৰ তুংগত

বৃহস্পতিবাৰে মাজুলী দেউৰী স্বায়ত্ব পৰিষদৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীৰ হৈ জয়ন্ত মল্ল বৰুৱা আৰু নৱ কুমাৰ দলেই প্ৰচাৰ চলায়(DAC election campaign in Majuli) । আগন্তুক নিৰ্বাচনত এই সমষ্টিত বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীগৰাকীয়ে হোৱাতো নিশ্চিত বুলি কয় জয়ন্ত মল্ল বৰুৱাৰ লগতে নৱ কুমাৰ দলেই(Jayanta Malla Baruah in DAC election campaign) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.