ETV Bharat / state

Flood free Guwahati: এইবাৰ গুৱাহাটী পৌৰ নিগমে বানমুক্ত কৰিব গুৱাহাটীক

author img

By

Published : Nov 3, 2022, 10:47 PM IST

Flood free Guwahati
Flood free Guwahati

গুৱাহাটীবাসীক কৃত্ৰিম বান সমস্যাৰ পৰা সকাহ দিবৰ বাবে আহি আছে মিছন বানমুক্ত গুৱাহাটী (Mission Flood free Guwahati) ৷ ইয়াৰ অধীনত তৎকালীনভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি অনুষ্ঠিত এক বৈঠকত (GMDA review meeting)৷ বানমুক্ত গুৱাহাটীৰ বাবে ৰূপায়িত হ’বলগীয়া সকলোবোৰ প্ৰকল্পৰ ন’ডেল এজেন্সি হিচাপে গুৱাহাটী পৌৰ নিগমে দায়িত্ব পালন কৰিব ৷

গুৱাহাটী, 3 নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ (Floods in Guwahati city) দীৰ্ঘম্যাদী সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে আৰম্ভ কৰা হ’ব মিছন বানমুক্ত গুৱাহাটী ৷ ইয়াৰ অধীনত তৎকালীনভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজি অনুষ্ঠিত এক বৈঠকত ৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে বৃহস্পতিবাৰে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰে এলানি বৈঠক (Mission Flood free Guwahati)৷

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জি এম ডি এ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী জল ব’ৰ্ড, মিশ্যন বানমুক্ত গুৱাহাটী, মিশ্যন অম্ৰুট আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী (GMDA review meeting)। বৈঠকত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয় ৷

সেই অনুসৰি বানমুক্ত গুৱাহাটীৰ বাবে ৰূপায়িত হ’বলগীয়া সকলোবোৰ প্ৰকল্পৰ ন’ডেল এজেন্সি হিচাপে গুৱাহাটী পৌৰ নিগমে দায়িত্ব পালন কৰিব (GMDA planned to solve flood problems in Guwahati) ৷

আঁচনি ৰূপায়ণৰ স্বাৰ্থত প্ৰয়োজন অনুসাৰে অন্যান্য বিভাগৰ দক্ষ বিষয়া-কৰ্মচাৰী, অভিযন্তা আদিকে ধৰি পৰ্যাপ্তসংখ্যক মানৱ সম্পদ পৌৰ নিগমত নিয়োগ কৰা হ’ব ৷ অহা দুই-তিনিমাহৰ ভিতৰতে এই মিছনৰ অধীনত হাতত লোৱা কেতবোৰ জৰুৰী কাম-কাজ সম্পূৰ্ণ কৰি তোলাৰ বাবে তৎপৰ হ’বলৈ মন্ত্ৰী সিংহলে বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে ৷

আনহাতে, আন এখন গুৰুত্বপূৰ্ণ বৈঠকত গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলৰ সম্পত্তি কৰ সংগ্ৰহৰ বিষয় সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰদান কৰা বিদ্যুৎ গ্ৰাহক নম্বৰৰ সৈতে পৌৰ নিগমৰ হোল্ডিং নম্বৰ সংযুক্তকৰণ প্ৰক্ৰিয়াক অধিক ত্বৰান্বিত কৰা আৰু বাসিন্দাসকলৰ সম্পত্তি কৰৰ স্ব-মূল্যায়ন প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ বাবে বিশেষ অভিযান হাতত ল’বলৈ বৈঠকত মন্ত্ৰী সিংহলে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক নিৰ্দেশ দিয়ে ৷

ইয়াৰ বাবে মহানগৰীৰ ৬০ টা ৱাৰ্ডৰ প্ৰতিটোতে ন্যূনতমতম দুবাৰকৈ তিনিদিনৰ বাবে বিশেষ শিবিৰৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী সিংহালে ৷

প্ৰতিটো শিবিৰতে সম্পত্তি কৰ সংগ্ৰহ শিবিৰ অনুষ্ঠিত কৰিবলৈ, প্ৰতিঘৰ বাসিন্দাকে হোৱাটএপ মেছেজ প্ৰেৰণ আৰু কল চেণ্টাৰৰ জৰিয়তে প্ৰত্যক্ষভাৱে ফোন কৰি সম্পত্তি কৰ পৰিশোধৰ বিষয়ে নিয়মীয়াকৈ সোঁৱৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ৷ আনহাতে, নাগৰিকসকলৰ সম্পত্তি কৰৰ স্ব-মূল্যায়নৰ বাবে নিগমে প্ৰস্তুত কৰা অনলাইন পৰ্টেল অতি সোনকালে ৰাইজৰ সেৱাত মুকলি কৰি দিবলৈও তেওঁ আয়ুক্তগৰাকীক নিৰ্দেশ দিয়ে ৷

এই দুয়োখন বৈঠকত মেয়ৰ মৃগেন শৰণীয়া তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিন্হা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিমগৰ আয়ুক্ত মেঘনিধি দাহাল, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আদি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

মন্ত্ৰী সিংহালে অন্যান্য বহুকেইখন বৈঠকৰ লগতে যোৰহাট সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ উপস্থিতিত অম্ৰুুট অভিযানৰ জৰিয়তে যোৰহাট চহৰত খোৱাপানী যোগান প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে ৷

লগতে পঢ়ক: Platinum Jubilee of AMCH: জন বেৰী হোৱাইটৰ সোঁৱৰণত পুৰস্কাৰ প্ৰদানৰ পোষকতা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.