কিদৰে লাভ কৰিব ৱাটাৰ ক্ৰাফ্ট জেট স্কি চলোৱাৰ অভিজ্ঞতা ? - Places To Visit In Northeast
Tourist spot Umrangso : ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ উদ্যোগত দেশী-বিদেশী পৰ্যটকসকলক পাহাৰৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ কাৰণে উমৰাংচুত শুভাৰম্ভ কৰা হয় ৱাটাৰ ক্ৰাফ্ট জেট স্কিৰ সুবিধা । এতিয়াৰ পৰা উমৰাংচু ভ্ৰমণলৈ অহা পৰ্যটকসকলে সেউজীয়া পৰিৱেশ উপভোগ কৰাৰ উপৰিও ৱাটাৰ ক্ৰাফ্ট জেট স্কি চলোৱাৰ অভিজ্ঞতা তথা আনন্দ উপভোগ কৰিব পাৰিব ।

Published : May 19, 2024 at 8:11 AM IST
হাফলং, ১৯ মে' : অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে দেশী-বিদেশী পৰ্যটকক । সৌন্দৰ্যৰ আকৰ থুপ খাই আছে অসমৰ চুকে-কোণে । ইয়াৰ ব্যতিক্ৰম নহয় অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও । ডিমা হাছাওৰ সৌন্দৰ্য যেন কোনো গুণেই কম নহয় । ডিমা হাছাও জিলাৰ শিল্প নগৰী হিচাপে পৰিচিত উমৰাংচু দেশী-বিদেশী পৰ্যটক সকলৰ বাবে এক পৰিচিত নাম ।
অসমৰ অন্যতম এক পৰ্যটন কেন্দ্ৰ হৈছে উমৰাংচু । 'আমোৰ ফেলকণ' চৰাইৰ বাবে বিখ্যাত উমৰাংচু । প্ৰতিবছৰে পৰ্যটকসকলক আকৰ্ষিত কৰাৰ বাবে উমৰাংচো গল্ফ কোৰ্ছ কপিলী হ্ৰদৰ কাষৰতে সেউজীয়া পৰিৱেশত আয়োজন কৰা হয় ফেলকণ মহোৎসৱ ।
ইফালে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচু পানীমূৰ জল প্ৰপাতত ২০১৬ চনত শ্বাহিদ কাপুৰ আৰু কংগনা ৰানাৱত অভিনীত 'ৰেংগুণ' নামৰ এখন বলিউডৰ ছবিৰ দৃশ্য হোৱাৰ পিচতে এক অনন্য স্বীকৃতি লাভ কৰে উমৰাংচুৱে । এতিয়া পৰ্যটকসকলৰ বাবে এক বিশেষ আকর্ষণীয় স্থান হৈছে উমৰাংচু । উমৰাংচু ভ্ৰমণলৈ আহিলে পৰ্যটকসকলে আনন্দ উপভোগ কৰে পাণীমূৰ জলপ্ৰপাতৰ সৌন্দৰ্য ।
ইয়াৰ উপৰি উপভোগ কৰিব পাৰিব কপিলী নৈত মটৰ বোট চলোৱাৰ আনন্দ । এনেবোৰ আকৰ্ষণীয় আনন্দ বিলাসৰ লগতে সংযোগ কৰা হ'ল আন এক সুবিধা । এতিয়াৰে পৰা পৰ্যটকসকলে উপভোগ কৰিব পাৰিব উমৰাংচু গল্ফ কোৰ্ছত কপিলী হ্ৰদত ৱাটাৰ ক্ৰাফ্ট জেট স্কিৰ চলোৱাৰ আনন্দ । ইতিমধ্যে শুভাৰম্ভ কৰা হৈছে এই বিশেষ সেৱা । যাৰ ফলত উমৰাংচুলৈ পৰ্যটকৰ সোঁত ব'ব বুলি আশা কৰিছে ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগে ।
উল্লেখযোগ্য যে, ডিমা হাছাও জিলাৰ বিখ্যাত পৰ্যটন কেন্দ্ৰ উমৰাংচুৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ৰে'লপথ আৰু ঘাইপথ দুয়োটাই ব্যৱহাৰ কৰিব পাৰে পৰ্যটকসকলে । গুৱাহাটীৰ পৰা ৰে'ল পথৰে হাফলঙলৈ আহি হাফলঙৰ পৰা উমৰাংচুলৈ যোৱাৰ ব্যৱস্থা থকাৰ উপৰিও গুৱাহাটীৰ পৰা নগাঁও লংকা হৈ উমৰাংচুলৈ আহিব পাৰে পৰ্যটকসকল ।

