ঐতিহাসিক মহাভৈৰৱ মন্দিৰত আশীষ ল'লে সৰ্বানন্দ সোণোৱালে - Sarbananda Sonowal in Tezpur

By ETV Bharat Assamese Team

Published : May 6, 2024, 9:00 PM IST

thumbnail
সৰ্বানন্দ সোণোৱাল (ETV BHARAT ASSAM)

তেজপুৰ, 6 মে’ : তেজপুৰত মহাদেৱৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব সামৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে কৰা যাত্ৰাকালত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে পদাৰ্পণ কৰে ঐতিহাসিক মহাভৈৰৱ মন্দিৰত ৷

সোণোৱালে মহাদেৱৰ আশীষ গ্ৰহণ কৰি পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাজনীতিৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ দলটোক কঠোৰ সমালোচনা কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থতে মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীয়ে অতি আন্তৰিকতাৰে বিচৰা বুলি প্ৰকাশ কৰে ৷

চাৰিশ আসন লাভৰ প্ৰসংগত সোণোৱালে সেয়া সম্ভৱ বুলি ইংগিত প্ৰদান কৰি কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনকাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দহ বছৰীয়া শাসনকালক লৈ দেশৰ জনগণে পৰীক্ষা-নিৰীক্ষা কৰি বিজেপি দল তথা চৰকাৰৰ ওপৰত আশ্বস্ত হোৱা বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক: শক্তিপীঠ কামাখ্যা ধাম দৰ্শন অনন্ত আম্বানীৰ - ANANT AMBANI IN KAMAKHYA TEMPLE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.