ETV Bharat / snippets

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 6:51 AM IST

Explosives recovered in Bongaigaon
বঙাইগাঁও জিলাত বিস্ফোৰক উদ্ধাৰ (ETV BHARAT ASSAM)

মাণিকপুৰ, ২৭ মে': বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত গোলাপাৰা পাৰ্ট ৪ ত বঙাইগাঁও আৰক্ষীয়ে বন্দুকৰ লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰে । হজৰত আলী আৰু আহেৰ আলী নামৰ লোক দুজনৰ বাসগৃহত আৰক্ষীয়ে উদ্ধাৰ কৰে ৩ টা হস্তনিৰ্মিত বোমাৰ লগতে ১৫ ডাল ডিট’নেটৰ, ফায়াৰ ক্ৰেকাৰৰ ৫ টা পেকেট । আৰক্ষীয়ে বাংলাদেশী ১,২৮৫ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে ইলেক্ট্ৰনিক ৱেৰ ২০ মিটাৰ, ষ্টেবিলাইজাৰ পাৱাৰ মেক্স 12 VDC আৰু ২৫০ গ্ৰাম আইৰণ স্পাইকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অভয়াপুৰী আৰক্ষীয়ে চলাইছিল এই অভিযান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.