কলিয়াবৰত উন্নতমানৰ ধানৰ বীজ সিঁচি পালে পতান - Paddy Seeds Scam In Assam

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:27 PM IST

thumbnail
বৰঘূলীত কৃষকৰ হাহাকাৰ (ETV BHARAT ASSAM)

কলিয়াবৰ, ২৬ মে': কলিয়াবৰৰ বৰঘূলীত কৃষকৰ হাহাকাৰ অৱস্থা । কঁপালৰ ঘাম মাটিত পেলাই কৃষকে কৰিছিল বৰো ধানৰ খেতি । খেতি দৰাত ধানৰ পৰিৱৰ্তে কেৱল পতান দেখি কৃষকসকলে মূৰে-কঁপালে হাত দিবলগীয়া হৈছে । অধিক উৎপাদনৰ আশাৰে বজাৰৰ পৰা কিনি আনিছিল উন্নতমানৰ ধানৰ বীজ । উন্নতমানৰ বৰো ধানৰ খেতি কৰিছিল কৃষকে । বৰো ধানৰ খেতিদৰা লহপহকৈ বাঢ়ি সুন্দৰ ঠোক মেলিলে । পিছে ধানৰ পৰিৱৰ্তে কেৱল ওলাল পতান ।  

ওখোনৰে পতানকে কোবাই-কোবাই দুখত ভাঙি পৰিছে কৃষক । কৃষকসকলে দুখেৰে কয়,"কি খাম মই ? কি খায় জীয়াই থাকিব মোৰ পৰিয়ালে । চৰকাৰে সহায় নকৰিলে মৰি যাব লাগিব । সহায় কৰক মোক ।" ধানৰ পৰিৱৰ্তে পতান উৎপাদন হোৱাৰ পাছতেই কৃষসকলে ধানৰ বীজ বিক্ৰী কৰা সংশ্লিষ্ট কোম্পানীটোৰ বিৰুদ্ধে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে ।  

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.