ETV Bharat / state

আপুনিও ভ্ৰমণ কৰিব বিচাৰিছে নেকি উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড ? - Places to Visit in Northeast

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:27 PM IST

Switzerland of North East: আপুনি ভ্ৰমণ কৰিব বিচাৰিছে নেকি শুকুলা বৰফৰে আবৃত উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড ? চাওক ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এই বিশেষ প্ৰতিবেদন ।

Switzerland of North East
আপুনিও ভ্ৰমণ কৰিব বিচাৰিছে নেকি উত্তৰ-পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড ? (Etv Bharat Assam)

আপুনিও ভ্ৰমণ কৰিব বিচাৰিছে নেকি উত্তৰ-পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড ? (Etv Bharat Assam)

তেজপুৰ, ৮ মে’ : প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আপোনাৰ ইচ্ছা আছেনে ? নিশ্চয় আছে ৷ তেনেহ’লে পলম কিয় কৰে ? আজিয়েই যাত্ৰাৰ বাবে সাজু হওক ৷

এই যাত্ৰাৰ বাবে তেজপুৰ চহৰৰলৈ নহাকৈ সফল নহ’ব । তেজপুৰ চহৰৰ ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ ভিতৰতে আছে যাত্ৰাৰ সুবিধা আৰু আপুনি যাব পাৰিব আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে থকা এখন হিমালয়ৰ পাদদেশৰ ৰাজ্যৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটনস্থলীলৈ ।

  • " class="align-text-top noRightClick twitterSection" data="">

মনপা ভাষাত ‘তাছী ডালিক’ আপোনাক স্বাগতম উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ডখ্যাত ঠাইলৈ । এই আকৰ্ষণস্থলী হৈছে টাৱাং জিলাৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চল ৷ টাৱাং মনাস্ত্ৰী, ভাৰত-চীন সীমান্তৱৰ্তী বুমলা, সাতটা জলপ্ৰপাতৰ সংগমস্থলী । আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান হৈছে টাৱাং ৱাৰ মেম’ৰিয়েল, ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ বীৰ যোদ্ধাসকলৰ স্মৃতিৰ সৌধ ।

কম খৰচত কেনেকৈ কৰিব এই যাত্ৰা ?

তেজপুৰ চহৰৰ পৰা দৈনিক পুৱাৰ ভাগত টাৱাং যাত্ৰাৰ বাবে চলাচল কৰে চুমু চাৰ্ভিছ । পাহাৰীয়া, দুৰ্গম, এঢলীয়া একা-বেঁকা পথৰে এই চুমুসমূহ পুৱাৰ পৰা যাত্ৰা কৰি নিশা টাৱাঙত উপস্থিত হয় । টাৱাং, বমদিলা, চেপা, ডিৰাং অঞ্চললৈ প্ৰায় ৯ গৰাকী যাত্ৰী এখন চুমুতে যাব পাৰে । এই যাত্ৰাৰ বাবে আগতীয়াকৈ তেজপুৰৰ বাছ আস্থানত বুকিং কৰিব লাগিব ।

ভালোকপং, চাৰিদুৱাৰ, টাৱাং সংলগ্ন এই পথ ২১১ নং ৰাষ্ট্ৰীয় ঘাইপথ হিচাবে জনা যায় ৷ দুটাকৈ সুৰংগ পাৰ হৈ এতিয়া পূৰ্বতকৈ অতি সোনকালে গন্তব্য স্থানত উপস্থিত হ’ব পাৰিব । শুকুলা বৰফৰ আচ্ছাদনৰ মাজেৰে চেলা পাছৰ বিশ্বৰ অতি উচ্চতাৰ দ্বীলেনযুক্ত চেলা পাছ সুৰংগৰে এতিয়া কিছু কম জটিলতাৰে উপস্থিত হ’ব পাৰিব ।

কোন সময় এই যাত্ৰাৰ বাবে উপযুক্ত ?

উপযুক্ত সময় হৈছে অক্টোবৰ মাহৰ পৰা মে’ মাহ ৷ কাৰণ এই সময়ছোৱাত পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ সম্ভাৱনা নাথাকে । পাহাৰীয়া অঞ্চলত বাৰিষা সঘনাই ভূমিস্খলন সংঘটিত হয় । টাৱাঙত অধিকাংশই মনপা লোকে বসবাস কৰে ।

ঐতিহাসিক তথ্য:

১৬৮১ চনত ৫ ম দালাই লামা গাৱাং লবছাং গিয়াটছ’ৰ ইচ্ছা অনুসৰি মেৰা লামা লোৰড্ৰে গিয়াটছ’ই প্ৰতিষ্ঠা কৰা টাৱাং মঠটোৰ নামক কেন্দ্ৰ কৰি এক কিংবদন্তি আছে । ‘টা’ মানে ‘ঘোঁৰা’ আৰু ‘ৱাং’ মানে ‘নাল’ ৷ অৰ্থাৎ ঘোঁৰাৰ নাল । গতিকে, টাৱাং শব্দটোৰ অৰ্থ হৈছে ঘোঁৰাৰ দ্বাৰা নিৰ্বাচিত ।

এটা কিংবদন্তি অনুসৰি, মঠটোক মেৰা লামা ল'ড্ৰে গ্যাটছ'ৰ মালিকানাধীন ঘোঁৰাটোৱে বাছি লৈছিল । ষষ্ঠ দালাই লামা ছাংয়াং গিয়াটছ’ৰ জন্ম হৈছিল টাৱাঙত ।

ঐতিহাসিকভাৱে টাৱাং তিব্বতৰ নিয়ন্ত্ৰণত আছিল । ১৯১৪ চনৰ ছিমলা সন্মিলনৰ সময়ত তিব্বত আৰু ব্ৰিটিছ ভাৰতে অসম হিমালয় অঞ্চলত নিজৰ উমৈহতীয়া সীমা নিৰ্ধাৰণ কৰি চুক্তি স্বাক্ষৰ কৰে, যিটো মেকমোহন লাইন নামেৰে পৰিচিত হয় ।

এই চুক্তিৰ দ্বাৰা তিব্বতে টাৱঙকে ধৰি কেবাশ বৰ্গমাইল ভূখণ্ড ব্ৰিটিছৰ হাতত এৰি দিলে । এই চুক্তিখনক চীনে স্বীকৃতি দিয়া নাছিল । চেৰিং শাক্যৰ মতে ব্ৰিটিছৰ ৰেকৰ্ডত দেখা গৈছে যে তিব্বতীসকলে ১৯১৪ চনত চুক্তিবদ্ধ হোৱা সীমান্তক চীনে চিমলা সন্ধি গ্ৰহণ কৰাৰ চৰ্তযুক্ত বুলি গণ্য কৰিছিল ।

যিহেতু ব্ৰিটিছে চীনৰ গ্ৰহণযোগ্যতা লাভ কৰিব পৰা নাছিল, সেয়েহে তিব্বতীসকলে মেকমোহন লাইনক অবৈধ বুলি গণ্য কৰিছিল । এই যাত্ৰাৰ লগত সমন্ধ আছে ডিৰাঙৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত্বত অৱস্থিত মাণ্ডেলা ১০০ টা বুদ্ধৰ স্তূপ ।

সবিশেষ পৰৱৰ্তী প্ৰতিবেদনত...

লগতে পঢ়ক: পৰ্যটকৰ সুবিধাৰ্থে কাজিৰঙাত সংযোজন WTRP ব্যৱস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.