Platinum Jubilee of AMCH: জন বেৰী হোৱাইটৰ সোঁৱৰণত পুৰস্কাৰ প্ৰদানৰ পোষকতা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 3, 2022, 8:26 PM IST

Platinum Jubilee of AMCH

অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ৩০০ কোটি টকা অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ (300 Cr fund for development of AMCH)। এই পুঁজিয়ে চিকিৎসকৰ বাবে আবাসিক কোৱাৰ্টাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ নিৰ্মাণ কৰা পোষকতা মুখ্যমন্ত্ৰীৰ । লগত এম বি বি এছৰ ২১২ খনৰ পৰা ২০২৬ লৈ বৃদ্ধি কৰাৰ বিপৰীতে পি জিৰ ৭২২ ৰ পৰা অধিক আসন বৃদ্ধিৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

ডিব্ৰুগড়, 3 নৱেম্বৰ: উত্তৰ-পূৱৰ অন্যতম চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হয় (Platinum Jubilee of AMCH) । এই সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ১ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান (Closing ceremony of AMCH platinum jubilee) ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলনেৰে মুকলি সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত সমবেত সংগীতেৰে কাৰ্যসূচী মুকলি কৰে (Himanta Biswa Sarma in AMCH platinum jubilee) । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত এ এম চিৰ AMCOL উন্মোচন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ পিছতে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত অ' এন জি চিৰ জৰিয়তে ৰাজ্যৰ ৯ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰদান কৰা এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰোপৰি এএমচিৰ মহাৰজত জয়ন্তী উপলক্ষে অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতীক সম্বলিত ডাক টিকট আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই জন বেৰী হোৱাইটৰ সোঁৱৰণত চিকিৎসা বিজ্ঞানত প্ৰথম স্থান প্ৰাপ্ত শিক্ষাৰ্থীক ৫ লাখ টকাকৈ পুৰস্কাৰ প্ৰদানৰ আহ্বান জনায় শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাক ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষকে ধৰি শিক্ষকসকলক স্মৰণ কৰে । ৭৫ বছৰত ৯১৭২ জন শিক্ষাৰ্থী উত্তীৰ্ণ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত হৈছে । শিৱসাগৰকে ধৰি অসমত ২৪ খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনাৰ কথাও ভাষণত কয় মুখ্যমন্ত্ৰীয়ে ।

জন বেৰী হোৱাইটৰ সোঁৱৰণত পুৰস্কাৰ প্ৰদানৰ পোষকতা মুখ্যমন্ত্ৰীৰ

অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ৩০০ কোটি টকা অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ । এই পুঁজিয়ে চিকিৎসকৰ বাবে আবাসিক কোৱাৰ্টাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ নিৰ্মাণ কৰা পোষকতা মুখ্যমন্ত্ৰীৰ । লগত এম বি বি এছৰ ২১২ খনৰ পৰা ২০২৬ লৈ বৃদ্ধি কৰাৰ বিপৰীতে পি জিৰ ৭২২ ৰ পৰা অধিক আসন বৃদ্ধিৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, উপায়ুক্ত বিশ্বজিৎ পেগু, শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা আদিয়ে ।

লগতে পঢ়ক: Sarbananda Sonowal Press Meet : মোদী চৰকাৰে উত্তৰ পূবৰ সম্ভাৱনীয়তাক আৱিষ্কাৰ কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.