ETV Bharat / state

Wine Shop Controversy: নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা আছুৰ

author img

By

Published : Nov 3, 2022, 10:21 PM IST

নতুনকৈ সুৰাৰ বিপনী খোলাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction about new wine shop license) । সমাজত নেতিবাচক প্ৰভাৱ পৰিব বুলি ইয়াৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা যোৰহাট আছু ৷

Wine Shop Controversy
নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা যোৰহাট আছুৰ

যোৰহাট,৩ নৱেম্বৰ: ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰাজ্যজুৰি নতুনকৈ শ শ বিলাতী সুৰাৰ দোকানৰ অনুজ্ঞা-পত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে (Assam Govt plan to more wine shop licenses) । ইয়াৰ দ্বাৰা বছৰি আবকাৰী ৰাজহৰ পৰিমাণ তিনি হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (plan to increase excise revenue)।

নতুনকৈ সুৰাৰ বিপনী খোলাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction about new wine shop license) । সমাজত নেতিবাচক প্ৰভাৱ পৰিব বুলি ইয়াৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে । ৰাজ্য চৰকাৰে নতুনকৈ অবৈধ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে যি ব্যৱস্থা তথা প্ৰদক্ষেপ গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে সৰৱ হৈছে যোৰহাট আছু । চৰকাৰৰ এনে পদক্ষেপক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাট আছুই ।

যোৰহাট আছুৰ নেতৃবৰ্গই কয় যে চৰকাৰে সুৰাৰ উভৈনদীৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে নৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব (Jorhat AASU react on wine shop licenses) । যদি চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পৰিকল্পনা কৰিছে তেতিয়া হ'লে সেয়া পৰিহাৰৰ কৰিবই লাগিব । চৰকাৰে অন্য পন্থাৰে চৰকাৰে ৰাজহ সংগ্ৰহৰ কথা চিন্তা চৰ্চাৰ কৰিব লাগে বুলি যোৰহাট আছুৰ নেতাসকলে দাবী জনায় ।

তাতপৰ্যপূৰ্ণ কথা এয়ে যে চৰকাৰে ৰাজ্যৰ বিত্তীয় অৱস্থা শোচনীয় হৈ পৰাৰ ফলত অত্যাধিক হাৰত ৰাজহ সংগ্ৰহৰ বাবে গ্ৰামাঞ্চল আৰু নগৰাঞ্চলত নতুনকৈ সুৰাৰ বিপনী দিয়া ব্যৱস্থাৰ গ্ৰহণ কৰিছে । এনে পৰিকল্পনাই সমাজ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব বুলি ৰাইজে মন্তব্য কৰিছে ।

নতুনকৈ সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিৰোধিতা যোৰহাট আছুৰ

ইপিনে,নতুনকৈ সুৰাৰ বিপনী খোলাৰ প্ৰসংগত বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ খুলিলে আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যই (Excise Minister Parimal Suklabaidya) । তেওঁ কয়, ৰাজ্যত শীঘ্ৰেই বৃদ্ধি হ’ব সুৰাৰ বিপনী । সুৰাৰ নতুন বিপনীৰ অনুজ্ঞা-পত্ৰৰ ক্ষেত্ৰত সমীক্ষা চলি আছে বুলি মন্ত্রীগৰাকীয়ে কয় । তেওঁ লগতে কয় যে ৰাজহ সংগ্ৰহৰ বাবে নহয়, অৰুণাচলৰ তথা অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰাৰ বাবেহে নতুন সুৰাৰ বিপনীৰ অনুজ্ঞা-পত্ৰ দিয়া হ'ব । লগতে ৰাইজক চুলাই মদৰ সলনি ভাল সুৰা সেৱন কৰিবলৈও আহ্বান আবকাৰী মন্ত্ৰী শুক্লবৈদ্যৰ । আনহাতে, সকলো বাৰৰ অনুজ্ঞা-পত্ৰ সুৰাৰ বিপণীলৈ পৰিৱৰ্তন হোৱাৰ কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:Nalbari Wine Shop Controversy : নতুন সুৰাৰ বিপণী মুকলিক লৈ বিৰোধিতা বিভিন্ন সংগঠনৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.