Elephant died in Goalpara: বোকাত আৱদ্ধ হৈ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু

author img

By

Published : Nov 3, 2022, 10:29 PM IST

Baby elephant died in Goalpara

গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু(Baby elephant died in Goalpara) ৷স্থানীয় লোকে জনোৱা অনুসৰি নিশাৰ ভাগত খাদ্যৰ সন্ধানত উলাই অহা দুটা হাতীৰ জাকৰ মাজত তয়া-ময়া ৰণ সংঘটিত হয় ৷ এই ঘটনাকতে বোকাত আৱদ্ধ হৈ হাতীৰ পোৱালিটোৰ মৃত্যু হয় ৷

গোৱালপাৰা, 11 অক্টোবৰ: গোৱালপাৰাত পুনৰ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু হোৱা ঘটনা সংঘটিত হৈছে ৷ এইবাৰ জিলাখনৰ ৰংজুলিৰ চেঁচাপানীৰ বাইনপাৰাত হাতীৰ পোৱালিৰ মৃত্যু হয় (Baby elephant died in Goalpara)৷

স্থানীয় লোকে জনোৱা অনুসৰি নিশাৰ ভাগত খাদ্যৰ সন্ধানত উলাই অহা দুটা হাতীৰ জাকৰ মাজত তয়াময়া ৰণ সংঘটিত হয় ৷ এই যুঁজত হাতীৰ দল এটাৰ পোৱালি এটা বোকাত আৱদ্ধ হৈ পৰে ৷ এই ঘটনাৰ পিছতে নিশাই হাতীৰ পোৱালিটোক মাতৃয়ে বোকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

কিন্তু হাতীৰ পোৱালিটো দুৰ্বল হৈ পৰাত হাতীৰ পোৱালিটো মৃত্যুৰ মুখত পৰে বুলি বন বিভাগৰ লোকে সন্দেহ প্ৰকাশ কৰে ৷ হাতীৰ পোৱালিটো মৃত্যু হোৱাৰ পিছতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ পোৱালিটো উদ্ধাৰ কৰাৰ লগতে স্থানীয় লোকৰ সহযোগত নীতি-নিয়ম অনুসৰি সৎকাৰ কৰে ৷

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা জিলাখনৰ ৰংজুলিৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ কেইবাটাও অঞ্চলত বনৰীয়া হাতীৰ বৃহৎ জাক এটাই খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে৷ বন্য হস্তীৰ উপদ্ৰৱত ফলত গঁঞা ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ৷

Elephant died in Goalpara: বোকাত আৱদ্ধ হৈ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু

উল্লেখ্য যে, চলিত মাহত পাঁচটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে উক্ত অঞ্চলত । বিগত দুমাহ ধৰি লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ কেইবাটাও অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে খাদ্য বিচাৰি ধাননি পথাৰ তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰৰ যথেষ্ট ক্ষতি সাধন কৰি আহিছে(Man Elephant conflict in Goalpara) । বনবিভাগৰ লোকে বনৰীয়া হাতীৰ জাকক বনাঞ্চললৈ খেদি পঠাবলৈ চেষ্টা কৰি আহিছে যদিও জাকক আঁতৰাই পঠিওৱাত সফল হ’ব পৰা নাই ।

ইফালে কেৱল গোৱাপাৰা জিলাতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত চলি আহিছে (Man elephant conflict)৷ বনাঞ্চলত খাদ্যৰ অভাৱত জনাঞ্চললৈ হাতীৰ জাক ওলাই অহাৰ ফলত একাংশ লোকে ত্ৰাসিত হৈছে ৷ এই হাতী মানুহৰ সংঘাতত হাতীৰ মৃত্যু হোৱাৰ লগতে হাতীয়ে মানুহৰ খেতিপথাৰ নষ্ট কৰি, ঘৰ-দুৱাৰ ভাঙি অনিষ্ট কৰাৰ ঘটনাও পৰিলক্ষিত হৈছে ৷ আনকি হাতীৰ আক্ৰমণত এতিয়ালৈ ভালেকেইজন লোক মৃত্যুৰ মুখত পৰিছে ৷

লগতে পঢ়ক: Elephant Death: গোৱালপাৰাত বন্যহস্তীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.