Elephant Death: গোৱালপাৰাত বন্যহস্তীৰ মৃত্যু

By

Published : Oct 28, 2022, 1:59 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ মৃত্যুক লৈ চাঞ্চল্য(Elephant death in Goalpara) । ধাননি পথাৰত উদ্ধাৰ কৰা হয় হাতীটোৰ মৃতদেহ । হাতীটো কি কাৰণত মৃত্যু হল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই । স্থানীয় ৰাইজ আৰু বনবিভাগে খাদ্যত বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ বন বিভাগৰ লোক । মৃত হাতীটোক চাবলৈ ভিৰ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে, চলিত মাহত চাৰিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে উক্ত অঞ্চলত । বিগত দুমাহ ধৰি লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ কেইবাটাও অঞ্চলত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে খাদ্য বিচাৰি ধাননি পথাৰ তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰৰ যথেষ্ট ক্ষতি সাধন কৰি আহিছে(Man Elephant conflict in Goalpara) । বনবিভাগৰ লোকে বনৰীয়া হাতীৰ জাকটোক জনাঞ্চললৈ খেদি পঠাবলৈ চেষ্টা কৰি আহিছে যদিও জাকটো আঁতৰাই পঠিওৱাত সফল হ’ব পৰা নাই ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.