ETV Bharat / state

Sarbananda Sonowal in BJP office: বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Nov 3, 2022, 10:49 PM IST

ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'ত উপস্থিত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল(Assam state BJP office) । কাৰ্যালয়ত দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে সাংগঠনিক বিষয়ত আলাপ-আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Sarbananda Sonowal in BJP office
বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী,৩ নবেম্বৰঃ ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'ত আজি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল(Assam state BJP office) । কাৰ্যালয়ত উপস্থিত হৈ তেওঁ কাৰ্যকৰ্তাসকলৰ সৈতে দলৰ সাংগঠনিক বিষয়ত আলাপ-আলোচনা কৰে ।

আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ(Central Minister Sarbananda Sonowal) কয় যে দলীয় কৰ্মকৰ্তাই অত্যন্ত নিষ্ঠাৰে ৰাইজৰ বাবে কাম কৰি আহিছে । যাৰবাবে প্ৰতিটো নিৰ্বাচনতে জনসাধাৰণে বিজেপিক আন্তৰিকতাৰে আঁকোৱালি লৈছে ।

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনতো ৰাইজে বিজেপিক পুনৰ আঁকোৱালি ল'ব(DAC Election 2022) । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ণৰ যাত্রাত তেওঁ সকলোৰে সহযোগিতা কামনা কৰে। তেওঁৰ এই ভ্ৰমণত উপস্থিত আছিল দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাকে ধৰি ভালে সংখ্যক বিষয়ববীয়া ।

লগতে পঢ়ক : Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.