ETV Bharat / state

Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

author img

By

Published : Nov 3, 2022, 6:55 PM IST

Updated : Nov 4, 2022, 1:12 PM IST

হৃদযন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ আছে অখিল গগৈ (Akhil Gogoi under treatment in Bengaluru) ৷ দাড়ি-চুলি কাটি বাংগালুৰুৰ নাৰায়ণা হাস্পতালত অখিল গগৈক এইদৰেই সাজু কৰি তোলা হৈছে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে ৷ শুকুৰবাৰে বাংগালুৰুত হ’ব অখিল গগৈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (Akhil Gogoi undergoes heart surgery) ৷

Get well soon Akhil Gogoi
অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

নিউজ ডেস্ক, 3 নৱেম্বৰ: বিধায়ক অখিল গগৈৰ বাবে আন এক কঠিন সময় ৷ শুকুৰবাৰে বাংগালুৰুত হ’ব অখিল গগৈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (Akhil Gogoi undergoes heart surgery) ৷ উপাসনাথলীত শুভাকাংক্ষীয়ে প্ৰাৰ্থনা কৰিছে অখিল গগৈৰ বাবে ৷ ৰাজনৈতিক শত্ৰুৱেও কামনা কৰিছে আশু আৰোগ্য (Public pray for recovery of Akhil Gogoi health)৷

হৃদযন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ আছে অখিল গগৈ (Akhil Gogoi under treatment in Bengaluru) ৷ দাড়ি-চুলি কাটি বাংগালুৰুৰ নাৰায়ণা হাস্পতালত অখিল গগৈক এইদৰেই সাজু কৰি তোলা হৈছে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে ৷

ছুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া হৈছে হৃদযন্ত্ৰৰ এক জটিল ৰোগ (Akhil Gogoi suffers from Supraventricular tachycardia) ৷ প্ৰায় দহ লাখজনৰ মাজত এজনৰ হয় এই ৰোগ ৷ অখিল গগৈও আক্ৰান্ত হৈছে এই ৰোগত ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাই ইয়াৰ উপযুক্ত চিকিৎসা ৷ সেয়ে বাংগালুৰুত শুকুৰবাৰে হ’ব বিধায়ক তথা কৃষক নেতাজনৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ ৷

অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি অসমত তেওঁৰ গুণমুগ্ধ বিভিন্নজনে উপাসনাস্থলীত প্ৰাৰ্থনা জনাই জ্বলাইছে ধূপ-দীপ (Public pray for recovery of Akhil Gogoi health)। শিৱসাগৰৰ শিৱদৌলত দেখা গ’ল তেনে এক দৃশ্য ৷ একাংশ মহিলাই শিৱদৌলত বৃহস্পতিবাৰে বন্তি প্ৰজ্বলনেৰে আৰোগ্য কামনা কৰিলে নেতাজনৰ ৷

কিছুমান কথা ৰাজনীতিৰ উৰ্ধত । কেৱল গুণমুগ্ধ সকলেই নহয় ৷ অখিল গগৈক কঠোৰ সমালোচনা কৰা বিজেপি-অগপ আদি ৰাজনৈতিক বিৰোধীসকলেও সামাজিক মাধ্যমত গগৈৰ দ্ৰুত আৰোগ্য কামনা কৰিছে ৷ চেলেংহাটৰ গাঁৱৰ ঘৰত অখিল গগৈৰ বৃদ্ধা মাতৃয়ে উচুপি লগাইছে এগছি বন্তি ৷

অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

ইতিমধ্যে প্ৰকাশ পাইছে বাংগালুৰুৰ হাস্পতালৰ এক দৃশ্য ৷ হুইল চেয়াৰত দেখা গৈছে অখিল গগৈ ৷ তেওঁক এতিয়া সাজু কৰি তোলা হৈছে অস্ত্ৰোপচাৰৰ বাবে ৷ বাংগালুৰুৰ হাস্পতালতো ভিৰ কৰিছে বাংগালুৰুত থকা বহু অসমীয়া শুভাকাংক্ষীয়ে ৷ চেন্নাইৰপৰা গৈ বাংগালুৰুত উপস্থিত হৈছে গৈ এগৰাকী শিৱসাগৰৰ মহিলা ৷

সঁচাকৈয়ে অখিল গগৈৰ বাবে এয়া কঠিন সময় ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ অৱদানেৰে আৰোগ্য লাভ কৰি অখিল গগৈয়ে জিকি আহক জীৱন যুদ্ধৰ এই কঠিন সময় ৷ ইয়াকেই আশা কৰিছে সকলোৱে ৷

লগতে পঢ়ক: Akhil Gogoi health update: উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ স্থানান্তৰ বিধায়ক অখিল গগৈক

Last Updated :Nov 4, 2022, 1:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.