ETV Bharat / bharat

কাৰাগাৰৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি ২১ বছৰীয়া কয়দী ! গৰ্ভপাতৰ বাবে আবেদন - Prisoner Gang Rape

Rape of prisoner in Khunti jail: কাৰাগাৰৰ ভিতৰতে এগৰাকী কয়দীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে ৷ গৰ্ভপাতৰ বাবেও আগবাঢ়ে ২১ বছৰীয়া কয়দীগৰাকী ৷

Rape of prisoner in Khunti jail
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat/ File)
author img

By ETV Bharat Assamese Team

Published : May 16, 2024 at 9:04 PM IST

2 Min Read
Choose ETV Bharat

ৰাঁচী, 16 মে’: পোহৰলৈ আহিছে কাৰাগাৰৰ ভিতৰতে দলবদ্ধ ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা ৷ এগৰাকী মহিলা কয়দীয়ে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ।

উল্লেখ্য যে ঝাৰখণ্ডৰ টৰ্পা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মাতৃ-কন্যাক ৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োকে ৷ খুঁটি কাৰাগাৰত বন্দী ২১ বছৰীয়া মহিলা কয়দীগৰাকীয়ে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি পিচত গৰ্ভপাত কৰিবলৈও যায় । মহিলা আয়োগক অভিযোগ দিয়াৰ পিচতে বিষয়টো পোহৰলৈ আহে । কয়দীগৰাকীৰ অভিযোগৰ ভিত্তিত তদন্তৰ বাবে গঠন কৰা হৈছে এটা দল ।

খুঁটিৰ উপায়ুক্ত লোকেশ মিশ্ৰই ইটিভি ভাৰতক ফোনযোগে জনায় যে বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হৈছে যদিও তদন্তৰ অন্ততহে নিশ্চিত হ’ব । অভিযোগৰ তদন্তৰ বাবে এছ ডি অ’ৰ অধীনত এটা দল গঠন কৰা হৈছে বুলিও তেওঁ কয় ।

আৰক্ষীয়ে জনোৱা মতে, এগৰাকী মহিলা চিকিৎসককো তদন্তকাৰী দলত অন্তৰ্ভুক্ত কৰা হৈছে । এগৰাকী বিষয়াই কয় যে অভিযোগকাৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিচতহে সবিশেষ জানিবপৰা যাব ৷ গৰ্ভপাতৰ বাবে আবেদন কৰাৰ সময়ত অভিযোগকাৰী কয়দীগৰাকীয়ে কিয় বিষয়টো উত্থাপন নকৰিলে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

বিষয়াগৰাকীয়ে কয়, ‘‘এতিয়া শুনা গৈছে যে মহিলাগৰাকীক খুঁটি কাৰাগাৰত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল । শেহতীয়াকৈ মুকলি কৰি দিয়া আন এগৰাকী মহিলা কয়দীৰ জৰিয়তে মহিলা আয়োগলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ।’’ পত্ৰখনত অভিযোগকাৰীয়ে জে’লৰ ভিতৰত তেওঁৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে ।

এছ ডি অ’ অনিকেত সচানে কয় যে কিছুদিনৰ পূৰ্বে মহিলাগৰাকীয়ে গৰ্ভপাতৰ বাবে আবেদন কৰিছিল । তেওঁৰ আবেদনৰ ভিত্তিত গঠন কৰা হয় চিকিৎসা দল । পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশত গৰ্ভপাত কৰোৱা হয় 21 বছৰীয়া কয়দীগৰাকীৰ ।

লগতে পঢ়ক: ২৮ সপ্তাহৰ গৰ্ভৱতী নাবালিকাৰ গৰ্ভপাতৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ