ETV Bharat / state

Pray for Akhil Gogoi: শিৱসাগৰৰ ধৰ্মীয় অনুষ্ঠানত অখিল গগৈৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা শুভাকাংক্ষীৰ

author img

By

Published : Nov 3, 2022, 10:23 PM IST

Updated : Nov 4, 2022, 1:10 PM IST

বিগত কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে শুভাকাংক্ষীসকলে ।বাংগালুৰুত চিকিৎসাধীন হৈ থকা বিধায়কগৰাকীৰ শুকুৰবাৰে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰপ্ৰচাৰ কৰিব চিকিৎসকে (Heart surgery of Akhil Gogoi) ।

Heart surgery of Akhil Gogoi
Heart surgery of Akhil Gogoi

শিৱসাগৰ, 3 নৱেম্বৰ: ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ হৃদযন্ত্ৰৰ এক জটিল ৰোগত অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে বাংগালুৰুত (Akhil Gogoi hospitalized in Bengaluru)। বিধায়কজন শীঘ্ৰে সুস্থ হৈ উঠাৰ আশাৰে আশু আৰোগ্য কামনা কৰি একাংশ মহিলাই এভাগী শৰাই আগবঢ়াই তেখেতৰ আৰোগ্য কামনা কৰে বৃহস্পতিবাৰে (Well wishers praying for Akhil Gogoi)।

বিগত কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ আশু আৰোগ্য কামনাৰে সামাজিক মাধ্যমতো দেখা গৈছে বিভিন্ন জনৰ শুভেচ্ছা । বাংগালুৰুত চিকিৎসাধীন হৈ থকা বিধায়কগৰাকীৰ শুকুৰবাৰে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰপ্ৰচাৰ কৰিব চিকিৎসকে (Heart surgery of Akhil Gogoi) ।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিধায়কগৰাকীৰ আশু আৰোগ্য কামনাৰে বৃহস্পতিবাৰে শিৱসাগৰৰ ধৰ্মীয় তথা উপাসনা স্থানসমূহত দলীয় কৰ্মীৰ উপৰিও বিভিন্নজনে কৰিছে প্ৰাৰ্থনা । শিৱসাগৰৰ ঐতিহাসিক শিৱদ'ল, পাটসাঁকোৰ দেওধাই বৰশাল, হলিনেম স্কুলৰ গীৰ্জাঘৰ,নামঘৰ, আজানপীৰ দৰগাহ আদিত অখিল গগৈৰ আশু আৰোগ্য কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে শুভাকাংক্ষীসকলে । সকলোৰে আশা শিৱসাগৰৰ বিধায়কজন শীঘ্ৰে আৰোগ্য হৈ সমষ্টিবাসীৰ কাষলৈ ঘূৰি আহক ।

উল্লেখ্য যে, ছুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া হৈছে হৃদযন্ত্ৰৰ এক জটিল ৰোগ (Akhil Gogoi suffers from Supraventricular tachycardia) ৷ প্ৰায় দহ লাখজনৰ মাজত এজনৰ হয় এই ৰোগ ৷ অখিল গগৈও আক্ৰান্ত হৈছে এই ৰোগত ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নাই ইয়াৰ উপযুক্ত চিকিৎসা ৷ সেয়ে বাংগালুৰুত শুকুৰবাৰে হ’ব বিধায়ক তথা কৃষক নেতাজনৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ ৷

শিৱসাগৰৰ ধৰ্মীয় অনুষ্ঠানত অখিল গগৈৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা শুভাকাংক্ষীৰ

হৃদযন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ আছে অখিল গগৈ (Akhil Gogoi under treatment in Bengaluru) ৷ দাড়ি-চুলি কাটি বাংগালুৰুৰ নাৰায়ণা হাস্পতালত অখিল গগৈক এইদৰেই সাজু কৰি তোলা হৈছে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে ৷

ইতিমধ্যে প্ৰকাশ পাইছে বাংগালুৰুৰ হাস্পতালৰ এক দৃশ্য ৷ হুইল চেয়াৰত দেখা গৈছে অখিল গগৈ (Akhil Gogoi health update) ৷ তেওঁক এতিয়া সাজু কৰি তোলা হৈছে অস্ত্ৰোপচাৰৰ বাবে ৷ বাংগালুৰুৰ হাস্পতালতো ভিৰ কৰিছে বাংগালুৰুত থকা বহু অসমীয়া শুভাকাংক্ষীয়ে ৷ চেন্নাইৰপৰা গৈ বাংগালুৰুত উপস্থিত হৈছে গৈ এগৰাকী শিৱসাগৰৰ মহিলা ৷ সকলোৱেই বিধায়কজন সুস্থ হৈ উভতি অহাকেই কামনা কৰিছে ৷

লগতে পঢ়ক: Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

Last Updated : Nov 4, 2022, 1:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.