ETV Bharat / bharat

Firing at Imran Khan Rally : আততায়ীৰ গুলীত আহত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান

author img

By

Published : Nov 3, 2022, 5:28 PM IST

Updated : Nov 3, 2022, 7:36 PM IST

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰেলীত গুলীচালনাৰ ঘটনা (Firing at Imran Khan container rally in Pakistan) । গুলীচালনাৰ ঘটনাত ইমৰাণ খানৰ ভৰিত গুলীলগা বুলি জানিব পৰা গৈছে (Imran Khan injured in firing) ।

Imran Khan
Imran Khan

নিউজ ডেস্ক, ৩ নৱেম্বৰ : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰেলীত গুলীচালনাৰ ঘটনা (Firing at Imran Khan container rally in Pakistan) । অচিনাক্ত আক্ৰমণকাৰীয়ে ৱাজিৰাবাদত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুলি জানিবলৈ পোৱা গৈছে । পাক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে এক ৰেলীত অংশগ্ৰহণ কৰিছিল ইমৰাণ খানে । উক্ত গুলীচালনাৰ ঘটনাত ইমৰাণ খানৰ ভৰিত গুলীলগা বুলি জানিব পৰা গৈছে (Imran Khan injured in firing) । উল্লেখ্য, ৱাজিৰাবাদ লাহোৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উত্তৰে চেনাব নদীৰ পাৰত অৱস্থিত ।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান বৃহস্পতিবাৰে পাকিস্তানৰ পঞ্জাব প্ৰদেশত তেওঁৰ প্ৰতিবাদী শোভাযাত্ৰাৰ সময়ত এজন সশস্ত্ৰ আক্ৰমণকাৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় । তেওঁক কঢ়িয়াই নিয়া কণ্টেইনাৰ-মাউণ্টেড ট্ৰাকত গুলীচালনা কৰাৰ ফলত তেওঁৰ ভৰিত লগা গুলীত আঘাতপ্ৰাপ্ত হয় । ঘটনাটো পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ৱাজিৰাবাদ চহৰৰ আল্লাৱালা চ'কৰ ওচৰত সংঘটিত হয় ।

পাকিস্তানৰ কেইবাটাও দূৰদৰ্শন চেনেলত চলোৱা ফুটেজত আঘাতপ্ৰাপ্ত ইমৰাণ খানক কণ্টেইনাৰখনৰ পৰা আন এখন বাহনলৈ স্থানান্তৰিত কৰা দেখা গৈছে । ঘটনাস্থলীত উপস্থিত আন লোকৰ সহায়ত তেওঁক বাহনখনলৈ স্থানান্তৰ কৰা হয় । বাতৰি অনুসৰি, একমাত্ৰ আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে । উল্লেখ্য, ইমৰাণ খান লাহোৰৰ পৰা যোৱা শুকুৰবাৰে আৰম্ভ হোৱা এটা ৰোড শ্ব'ৰ অংশ হিচাপে ইছলামাবাদলৈ যোৱা এখন লৰীত আছিল । ইমৰাণ খানক এখন চিকিৎসালয়ত চিকিৎসা কৰা হৈছে । তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি কোৱা হৈছে ।

Firing at Imran Khan Rally : আততায়ীৰ গুলীত আহত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমাৰণ খান
Firing at Imran Khan Rally : আততায়ীৰ গুলীত আহত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমাৰণ খান

"মই এজন লোকক (ক'লা কোট পিন্ধা) ইমৰাণ খানক কঢ়িয়াই লৈ যোৱা কণ্টেইনাৰখনক লক্ষ্য কৰি পিষ্টল টোঁওৱা দেখিছিলোঁ । তেওঁ গুলী কৰাৰ পূৰ্বে মই তেওঁক ধৰোঁ আৰু বাধা দিয়াৰ চেষ্টা কৰোঁ । এই হতাহতিৰ সময়তে দুৰ্বৃত্তজনে গুলীচালনা কৰে । আক্ৰমণটোত এজন লোক আহত হয় । মই তেওঁক তললৈ ঠেলি বগৰাই দিওঁ ।" পাকিস্তান তেহৰিক-ই-ইনচাফৰ (Pakistan Tehreek e Insaf) এজন সদস্যই এনেদৰে কয় । আনহাতে, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ইমৰাণ খানে প্ৰথম প্ৰতিক্ৰিয়াত কয়, "আল্লাই মোক এটা নতুন জীৱন দিলে ।"

ইফালে ভাৰতে এই আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁলোকে পৰিস্থিতি নিৰীক্ষণ কৰি আছে (India reacted on Imran Khan attack) । "আমি পৰিস্থিতিৰ ওপৰত সূক্ষ্মভাৱে নজৰ ৰাখিছোঁ আৰু উন্নয়নৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিম । ইয়াৰ বাহিৰে একো ক'বলৈ নাই ।" বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এক প্ৰেছ বিবৃতিত এনেদৰে কয় (Ministry of External affairs of India) ।

আনহাতে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে । ইমৰাণ খানৰ পদযাত্ৰাত গুলীচালনাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাক প্ৰধানমন্ত্ৰীয়ে (Pak PM condemned attack on Imran Khan) । পাকিস্তান চৰকাৰৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ টুইট অনুসৰি, তেওঁ অভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহক আইজিপি আৰু মুখ্য সচিব পঞ্জাবৰ পৰা ঘটনাটোৰ তাৎক্ষণিক প্ৰতিবেদন বিচাৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :Gujarat Assembly polls 2022 : অহা ডিচেম্বৰত দুটা পৰ্যায়ত গুজৰাটৰ নিৰ্বাচন

Last Updated :Nov 3, 2022, 7:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.