ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 1, 2021, 7:07 PM IST

top 10 at 7 pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Mob Lynching in Jorhat : অভিযুক্তক চিনাক্তকৰণৰ বাবে ৰাইজলৈ আহ্বান আৰক্ষী অধীক্ষকৰ

যোৰহাটত জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ সংবাদমেল(Jorhat SP Ankur Jain Press meet) ৷ অনিমেষ ভূঞা হত্যাৰ ঘটনাৰ সৈতে জড়িত আনসমূহ অভিযুক্তক চিনাক্ত কৰিবৰ বাবে ৰাইজক সহায় কৰিবলৈ আহ্বান আৰক্ষী অধীক্ষকগৰাকীৰ ৷

Mob Lynching in Jorhat : উকীলে নলয় অভিযুক্তৰ গোচৰ

যোৰহাটত সংঘটিত গণ প্ৰহাৰৰ ঘটনাৰ (Mob lynching in Jorhat) অভিযুক্তৰ হৈ ওকালতি নকৰে জিলাখনৰ উকীলসকলে ৷ যোৰহাট জিলা উকীল সন্থাই জানিবলৈ দিছে এই কথা (Jorhat lawyer refused to defend mob lynching case)৷

Double Murder in Dibrugarh : মলখুবচাৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ

মলখুবচাত লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ (Main accused in Double murder) । ভাড়াঘৰৰ মালিক সুধীৰ গগৈ আৰু পত্নী কাজল চুংক্ৰাং ভূমিজক হত্যা কৰি হত্যাকাৰী ৰাজীৱ চুংক্ৰাঙে কণমানি কণ্যাক লৈ পলাই গৈছিল নিজ গৃহ শদিয়ালৈ ।

Tripura Records High Number of HIV-Positive Cases : ৰাজ্যখনত অকস্মাত বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা

ত্ৰিপুৰাত বৃদ্ধি পাই অহা HIV পজিটিভৰ প্ৰধান কাৰক হৈছে চিৰিঞ্জযুক্ত ড্ৰাগছৰ ব্যৱহাৰ (HIV rate increase due to use of injectable drugs) ৷ যোৱা বছৰ ত্ৰিপুৰাত বেজীৰে ড্ৰাগছ সেৱন কৰাৰ সৰ্বাধিক ঘটনা পোহৰলৈ আহিছে ৷

CM to Visit Delhi : ভাগ ল'ব এক অন্তৰংগ অনুষ্ঠানত

বুধবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব এক (Himanta Biswa Sarmah to attend a conclave in Delhi) অন্তৰংগ অনুষ্ঠানত ৷

Mob Lynching in Jorhat : 91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

কাঠগড়াত ঠিয় দিয়াৰ পূৰ্বেই যেন কৃতকৰ্মৰ ফল পালে নীৰজ দাস ওৰফে ক’লা ল’ৰাই (Jorhat mob lynching main accused Kola lora) ৷ সোমবাৰে দুপৰীয়াৰ পৰা মঙলবাৰৰ নিশালৈ অসংখ্য লোকে মৃত্যু কামনা কৰিছিল ক’লা ল’ৰাৰ ৷

Tripura Municipal Election: নিৰ্বাচনক ভেকোঁভাওনা আখ্যা মানিক সৰকাৰৰ

শেহতীয়াকৈ সম্পন্ন হৈছে ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন । কিন্তু নিৰ্বাচনক লৈ বিৰোধী দলসমূহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে । এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা মানিক সৰকাৰৰ গুৰুতৰ অভিযোগ । তেওঁৰ মতে এই নিৰ্বাচন সম্পূৰ্ণ ভেকোঁভাওনা (Manik Sarkar terming municipal election as a farce)।

Fire Breaks Out in Parliament House : সংসদ ভৱনৰ এটা কোঠাত অগ্নিকাণ্ড

বুধবাৰে পুৱা সংসদ ভৱনৰ এটা কোঠাত জুইৰ সূত্ৰপাত হয়(Fire breaks out in Parliament House) । অৱশ্যে, ১০ মিনিটৰ ভিতৰতে জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে । সংসদ ভৱনৰ ৫৯ নং কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড ।

Amit Sadh tests positive for Covid 19 : ক’ভিড 19 ত আক্ৰান্ত অভিনেতা অমিত সাধ

ক’ভিড 19 ত আক্ৰান্ত হৈছে বলীউডৰ অভিনেতা অমিত সাধ (Amit Sadh tests positive for COVID 19) । ইনষ্টাগ্ৰামযোগে অভিনেতাগৰাকীয়ে এই কথা শ্বেয়াৰ কৰে ৷

Bigg Boss 15 : ‘‘এতিয়া আমি শাসন কৰিম’’; NON VIPৰ ধমকি

ৰোমাঞ্চকৰ হৈ উঠিছে বিগ বছ(Bigg Boss 15) হাউছ ৷ টাষ্কৰ জৰিয়তে VIP আৰু Non VIP প্ৰতিযোগীৰ মাজত বৃদ্ধি পাইছে তৰ্কা-তৰ্কি(VIPs vs NON VIPs) ৷ Wild Card ভি আই পি প্ৰতিযোগীসকলৰ বাবে খাদ্য প্ৰস্তুত নকৰাৰ পৰা আৰম্ভ কৰি নিয়ম ভংগ কৰালৈকে, কৰণ কুন্দ্ৰাৰ নেতৃত্বত Non VIP প্ৰতিযোগীসকল তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.