ETV Bharat / sitara

Bigg Boss 15 : ‘‘এতিয়া আমি শাসন কৰিম’’; NON VIPৰ ধমকি

author img

By

Published : Dec 1, 2021, 6:45 PM IST

ৰোমাঞ্চকৰ হৈ উঠিছে বিগ বছ(Bigg Boss 15) হাউছ ৷ টাষ্কৰ জৰিয়তে VIP আৰু Non VIP প্ৰতিযোগীৰ মাজত বৃদ্ধি পাইছে তৰ্কা-তৰ্কি(VIPs vs NON VIPs) ৷ Wild Card ভি আই পি প্ৰতিযোগীসকলৰ বাবে খাদ্য প্ৰস্তুত নকৰাৰ পৰা আৰম্ভ কৰি নিয়ম ভংগ কৰালৈকে, কৰণ কুন্দ্ৰাৰ নেতৃত্বত Non VIP প্ৰতিযোগীসকল তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷

bigg boss vips vs non vps
বিগ বছত ভি আই পি বনাম নন ভি আই পি

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ : Wild Card ৰে ভি আই পি প্ৰতিযোগীসকল প্ৰৱেশ কৰাৰ পাচৰে পৰা বিগ বছ 15 ৰ হাউছ(Bigg Boss 15) যেন পৰিণত হৈছে যুদ্ধক্ষেত্ৰলৈ ৷ সম্প্ৰতি VIP আৰু Non VIP দুটা দলত বিভক্ত(VIPs vs NON VIPs) হৈছে হাউছটো ৷ কিন্তু দেখা গৈছে যে, Non VIP সদস্যসকলে কোনোপধ্যেই মানি লোৱা নাই বিগ বছৰ দ্বাৰা সুবিধাপ্ৰাপ্ত VIP সদস্যসকলৰ আদেশ ৷ সেয়েহে তেওঁলোকৰ বিৰুদ্ধে সংঘাত আৰম্ভ কৰিছে Non VIP সদস্যৰ দলটোৱে ৷

বুধবাৰে সম্প্ৰচাৰ হ’বলগীয়া খণ্ডটোত Non VIP সদস্য কৰণ কুন্দ্ৰা, তেজস্বী প্ৰকাশ(Tejasswi Prakash), নিশান্ত ভাট(Nishant Bhatt), শমিতা ছেট্টী(Shamita Shetty), প্ৰতীক সহেজপাল(Pratik Sehajpal), ৰাজীৱ আদাতীয়া(Rajiv Adatia) আৰু উমৰ ৰিয়াজ(Umar Riaz)ক VIP সকলৰ ইচ্ছা আৰু আদেশ পূৰণ নকৰাৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হ’ব ৷

ভি আই পি প্ৰতিযোগীসকলৰ বাবে খাদ্য প্ৰস্তুত নকৰাৰ পৰা আৰম্ভ কৰি নিয়ম ভংগ কৰালৈকে কৰণ কুন্দ্ৰা(Karan Kundrra)ৰ নেতৃত্বত Non VIP প্ৰতিযোগীসকল তীব্ৰতৰ হৈ উঠা দেখিবলৈ পোৱা যাব ৷ ইয়াৰ মাজতে উমৰক হিন্দী ভাষাত কোৱা শুনা পোৱা গৈছে এনেদৰে, ‘‘বহুত হ’ল, এতিয়া আমি শাসন কৰিম’’ ৷

Non VIP সকলৰ এই আচৰণৰ বাবে বিগ বছে তেওঁলোকক শাস্তি দিব নে ? নে সম্পূৰ্ণৰূপে বিভাজন ঘটিব VIP আৰু Non VIP সকলৰ মাজত ? Non VIP সকলে কিদৰে ইয়াৰ প্ৰত্যুত্তৰ দিব, সেয়া খণ্ডটোত আকৰ্ষণীয় হৈ পৰিব ৷ VIPৰ সুবিধাপ্ৰাপ্ত ৰশ্মি দেশাই(Rashmi Desai), দেৱলীনা ভট্টাচাৰ্য(Devoleena Bhattacharjee), অভিজিত বিচুক্লে(Abhijeet Bichukale), ৰাখী সাৱন্ত(Rakhi Sawant) আৰু তেওঁৰ স্বামী ৰীতেশ(Ritesh) হৈছে Wild Card প্ৰতিযোগী ৷ বিগ বছত প্ৰৱেশ কৰাৰ পাচতে তেওঁলোকে বিগ বছৰ দ্বাৰা লাভ কৰিছে বহুকেইটা বিশেষ অধিকাৰ ৷

লগতে পঢ়ক : NickYanka 3rd anniversary : মেট গালাত চৰ্চিত সম্পৰ্কৰ বাতৰিৰ পৰা তিনিবছৰীয়া যুগ্ম জীৱনলৈকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.