ETV Bharat / bharat

Tripura Records High Number of HIV-Positive Cases : ৰাজ্যখনত অকস্মাত বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা

author img

By

Published : Dec 1, 2021, 5:44 PM IST

ত্ৰিপুৰাত বৃদ্ধি পাই অহা HIV পজিটিভৰ প্ৰধান কাৰক হৈছে চিৰিঞ্জযুক্ত ড্ৰাগছৰ ব্যৱহাৰ (HIV rate increase due to use of injectable drugs) ৷ যোৱা বছৰ ত্ৰিপুৰাত বেজীৰে ড্ৰাগছ সেৱন কৰাৰ সৰ্বাধিক ঘটনা পোহৰলৈ আহিছে ৷

HIV Aids positive patients numbers significantly increasing in Tripura
ত্ৰিপুৰাত কেইবছৰমানত অকস্মাত বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা ৷

আগৰতলা, 1 ডিচেম্বৰ: HIV ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ত্ৰিপুৰাত (HIV rate suddenly increase in tripura) ৷ ত্ৰিপুৰাৰ এজন স্বাস্থ্যকৰ্মীয়ে সদৰি কৰা মতে, বৰ্তমানে ৰাজ্যখনত 2,500 টা HIV পজিটিভ ঘটনা আছে ৷ তাৰোপৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ এটা সূত্ৰই সদৰি কৰা মতে, 2015-16 চনত HIV পজিটিভৰ সংখ্যা আছিল 295 টা, 2016-17 চনত 321 টা, 2017-18 চনত 306 টা, 2018-19 চনত 338 টা, 2019-20 চনত 442 টা আৰু 2020-21 বৰ্ষত এই সংখ্যা বাঢ়ি হয়গৈ 487 টা ৷ 2021-22 বৰ্ষৰ অক্টোবৰলৈ এই সংখ্যা 560 হ’বগৈ বুলি অনুমান কৰা হৈছে ৷

সূত্ৰটোৱে প্ৰকাশ কৰা মতে, এই বৰ্ধিত প্ৰৱণতাই সমাজলৈ ভয়াৱহতা কঢ়িয়াইছে ৷ ৰাজ্যখনৰ 8খন জিলাৰ ভিতৰত উত্তৰ আৰু ধলাই জিলাত HIV ত সৰ্বাধিক আক্ৰান্ত হৈছে ৷ বিগত সময়ত মহিলা যৌন কৰ্মী, দূৰণিবটীয়া ট্ৰাক ড্ৰাইভাৰ আৰু প্ৰবজনকাৰী শ্ৰমিক সকল HIV ত বেছিকৈ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছিল ৷

কিন্তু যোৱা বছৰৰ পৰা এই পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ বৰ্তমানৰ HIV পজিটিভ আক্ৰান্ত হোৱা ৰোগীসকল ঔষধ ব্যৱহাৰকাৰী বুলি চিনাক্ত কৰা হৈছে, যিসকলে বেজীৰ জৰিয়তে ঔষধ গ্ৰহণ কৰে (Use of injectable drugs) ৷ স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই সদৰি কৰা অনুসৰি, বিশেষকৈ 15 ৰ পৰা 24 বছৰৰ মাজৰ বয়সৰ যুৱকসকলৰ মাজত পজিটিভৰ হাৰ অধিক । মংগলবাৰে আগৰতলাত বিশ্ব এইডছ দিৱস (World Aids Day) উপলক্ষে অনুষ্ঠিত কৰা এক কাৰ্যসূচীত সজাগতা সভাৰ জৰিয়তে ড্ৰাগছৰ অপকাৰীতাৰ বিষয়ে বক্তব্য ৰখা হয় ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে মমবাতি জলাই জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰো চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷

সজাগতা অধিৱেশনত অংশ লৈ ভাষণ প্ৰদান কৰিলে ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাঃ ৰাধা দেববৰ্মাই (Director health and family welfare department Dr Radha Debbarma) ৷ তেখেতে কয়, "আমি সমস্যাটোৰ গুৰুত্ব বুজিব লাগিব আৰু পৃথিৱীখনক HIVৰ পৰা মুক্ত কৰিবলৈ কঠোৰভাৱে কাম কৰিব লাগিব ৷ সঞ্চালকগৰাকীয়ে সভাত উপস্থিত সকলোকে উদ্দেশ্যি অনুৰোধ কৰি ক’লে, স্বাস্থ্যৱান জীৱন যাপনৰ বাবে প্ৰতিজন ৰোগীয়েই যাতে সময়মতে চিকিৎসা লোৱাটো নিশ্চিত কৰে । HIV পজিটিভ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সামাজিক সহযোগিতাও এক গুৰুত্বপূৰ্ণ দিশ বুলি তেখেতে মত প্ৰকাশ কৰে ।

লগতে চাওক : HIV Positive Cases increases in lakhimpur : লখিমপুৰত 81 গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.