ETV Bharat / city

CM to Visit Delhi : ভাগ ল'ব এক অন্তৰংগ অনুষ্ঠানত

author img

By

Published : Dec 1, 2021, 3:19 PM IST

বুধবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব এক (Himanta Biswa Sarmah to attend a conclave in Delhi) অন্তৰংগ অনুষ্ঠানত ৷

মুখ্যমন্ত্ৰী দিল্লীলৈঃ ভাগ ল'ব অন্তৰংগ অনুষ্ঠানত
মুখ্যমন্ত্ৰী দিল্লীলৈঃ ভাগ ল'ব অন্তৰংগ অনুষ্ঠানত

গুৱাহাটী, 1 ডিচেম্বৰ : দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বুধবাৰে অৰ্থাৎ আজি বিয়লি ৰাওনা হ’ব দিল্লীলৈ । অৱশ্যে এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অথবা আন কোনো মন্ত্ৰী কিম্বা দলীয় শীৰ্ষ নেতাক সাক্ষাৎ কৰাৰ কোনো কাৰ্যসূচী বৰ্তমানলৈকে ৰখা নাই ।

লগতে পঢ়ক: Majuli-Jorhat Bridge : নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

বৃহস্পতিবাৰে দিল্লীৰ হোটেল তাজত News18 ৰ উদ্যোগত অনুষ্ঠিত হ’ব এখন কনক্লেভ(Conclave organized by News18 network) । মূলতঃ সেই কনক্লেভত ভাগ ল'বলৈকে বুধবাৰে বিয়লি গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মা(Cm Himanta Biswa Sarma to attend a conclave in Delhi) ।

বৰ্তমানলৈকে নিৰ্দিষ্ট হোৱা কাৰ্যসূচী অনুসৰি উক্ত কনক্লেভত ভাগ লোৱাৰ পিছত বৃহস্পতিবাৰে নিশাই মুখ্যমন্ত্ৰীগৰাকী গুৱাহাটীলৈ উভতিব । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে TIMES NOW আৰু INDIA TODAY য়ে আয়োজন কৰা দুখনকৈ কনক্লেভতো মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাগ লৈছিল ।

লগতে পঢ়ক: Parliament Winter session:লোকসভাত উত্থাপন হ'ব প্ৰজনন প্ৰযুক্তি বিধেয়ক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.