ETV Bharat / sitara

Amit Sadh tests positive for Covid 19 : ক’ভিড 19 ত আক্ৰান্ত অভিনেতা অমিত সাধ

author img

By

Published : Dec 1, 2021, 11:36 AM IST

ক’ভিড 19 ত আক্ৰান্ত হৈছে বলীউডৰ অভিনেতা অমিত সাধ (Amit Sadh tests positive for COVID 19) । ইনষ্টাগ্ৰামযোগে অভিনেতাগৰাকীয়ে এই কথা শ্বেয়াৰ কৰে ৷

COVID
হোম কোৱাৰেণ্টাইনত আছে অভিনেতাজন

চিটাৰা ডেস্ক, ১ ডিচেম্বৰ : দেশত পূৰ্বৰ তুলনাত বহু পৰিমাণে হ্ৰাস পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । কিন্তু বিভিন্ন অঞ্চলত এতিয়াও কৰ'ণাৰ সন্ত্ৰাস অব্যাহত আছে । এইবাৰ পুনৰ বলীউডৰ এগৰাকী অভিনেতা আক্ৰান্ত হৈছে ক'ভিড ১৯ ত । অভিনেতা অমিত সাধ শেহতীয়াকৈ আক্ৰান্ত হৈছে কৰ'ণাত (Amit Sadh tests positive for COVID 19) ।

মঙলবাৰে অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামযোগে জনাই যে, তেওঁ শেহতীয়াকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৷ সম্প্ৰতি হোম কোৱাৰেণ্টাইনত আছে অভিনেতাগৰাকী । পোষ্টটোত উল্লেখ কৰা মতে, অত্যাধিক সাৱধানতা অৱলম্বন কৰাৰ পাছতো তেওঁ ক'ভিড-১৯ ৰ চিকাৰ হৈছে । লক্ষণবোৰ বেছি নাই যদিও ক'ভিড বিধি অনুসৰি নিজকে কোৱাৰেণ্টাইনত ৰাখিছে ।

অতি শীঘ্ৰে সুস্থ হৈ উঠিব বুলিও আশাবাদী অভিনেতাগৰাকী । সকলোকে সুৰক্ষিত আৰু সাৱধানে থাকিবলৈ অনুৰোধ জনায় অভিনেতাগৰাকীয়ে ।

শেহতীয়াকৈ অভিনেতাগৰাকীক অভিষেক বচ্চন অভিনীত Breathe : Into The Shadows ত দেখা গৈছিল । আমাজন প্ৰাইম ভিডিঅ'ত যথেষ্ট প্ৰশংসা লাভ কৰা এই শৃংখলাটোৰ তৃতীয় সংস্কৰণৰ বাবেও ইতিমধ্যে সেউজ সংকেত দিছে আমাজন প্ৰাইমে । নতুন সংস্কৰণটো মুক্তি লাভ কৰিব ২০২২ চনত ৷

লগতে পঢ়ক : Happy Birthday Udit Narayan : কণ্ঠশিল্পী উদিত নাৰায়ণৰ 66 বছৰীয়া জীৱন পৰিক্ৰমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.