ETV Bharat / sitara

Happy Birthday Udit Narayan : কণ্ঠশিল্পী উদিত নাৰায়ণৰ 66 বছৰীয়া জীৱন পৰিক্ৰমা

author img

By

Published : Dec 1, 2021, 10:38 AM IST

আজি কণ্ঠশিল্পী উদিত নাৰায়ণৰ 66 সংখ্যক জন্মদিন(Singer Udit Narayan turns 66) ৷ উদিত নাৰায়ণৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১ ডিচেম্বৰত বিহাৰৰ চুপল জিলাত ৷ বলীউডত স্থিতি অটুট ৰখাৰ বাবে উদিত নাৰায়ণে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ প্ৰায় 10 বছৰ ধৰি এই সংগ্ৰাম অব্যাহত ৰখাৰ পিছত আকস্মিক পৰিৱৰ্তন ঘটে শিল্পীগৰাকীৰ কেৰিয়াৰত ৷ তাৰপিছত আৰু এই যাত্ৰাত থমকিবলগীয়া হোৱা নাই ৷

happy birthday udit narayan
happy birthday udit narayan

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ : উদিত নাৰায়ণ বলীউডৰ আটাইতকৈ প্ৰখ্যাত গায়কসকলৰ মাজৰ এগৰাকী ৷ আজিও বলীউডত তেওঁৰ মখমল সদৃশ কণ্ঠস্বৰ কোনেও সলনি কৰিব পৰা নাই ৷ উদিত নাৰায়ণৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১ ডিচেম্বৰত বিহাৰৰ চুপল জিলাত(Singer Udit Narayan turns 66) ৷ বলীউডত স্থিতি অটুট ৰখাৰ বাবে উদিত নাৰায়ণে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ প্ৰায় 10 বছৰ ধৰি এই সংগ্ৰাম অব্যাহত ৰখাৰ পিছত আকস্মিক পৰিৱৰ্তন ঘটে শিল্পীগৰাকীৰ কেৰিয়াৰত ৷ এটা গীতে সলনি কৰে তেওঁৰ সংগীতৰ যাত্ৰাৰ দিশ ৷

উদিত নাৰায়ণে আমিৰ খানৰ ১৯৮৮ চনৰ ছবি 'কয়ামত চে কয়ামত তক' ত কণ্ঠদান কৰিছিল ৷ ইয়ে তেওঁৰ কেৰিয়াৰ সলনি কৰে ৷ এই গানটোৱে উদিত নাৰায়ণক পৰিচয় আৰু জনপ্ৰিয়তা দুয়োটা অৰ্জনতে সহায় কৰে ৷ তেওঁ গানটোৰ বাবে কেইবাটাও বঁটা লাভ কৰিছিল ৷ ইয়াৰ পিছৰে পৰা সংগীতৰ যাত্ৰাত উদিত নাৰায়ণে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ উদিত নাৰায়ণে 90 ৰ দশকৰ বহু গীতত কণ্ঠদান কৰিছিল ৷ যাৰ বাবে চাৰিবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ৷

ভিন্ন ভাষাৰ সংগীতত কণ্ঠদান

উদিত নাৰায়ণে হিন্দীৰ লগতে তামিল, তেলেগু, মালায়ালম, ওড়িয়া, নেপালী, ভোজপুৰী আৰু বাংলা ভাষাত কণ্ঠদান কৰে ৷ ২০০৯ চনত উদিত নাৰায়ণক এনে সুৰীয়া অৱদানৰ বাবে আগবঢ়োৱা হয় পদ্মশ্ৰী বঁটা ৷ নাৰায়ণে পাঁচবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে ৷

ভাবুকিৰে ভৰা ফোনকল

কৰণ জোহৰৰ 'কুছ কুছ হোতা হে'ৰ গানবোৰ ব্লকবাষ্টাৰ হোৱাৰ পিছত উদিত নাৰায়ণে কেইবাটাও ভাবুকিপূৰ্ণ ফোনকল লাভ কৰিছিল ৷ এক সাক্ষাৎকাৰত উদিত নাৰায়ণে কয় যে, 1998 চনৰ পৰা 2019 চনলৈ তেওঁ প্ৰতি মাহে এনে ধৰণৰ ফোন লাভ কৰিছিল ৷ উদিত নাৰায়ণৰ গানৰ দ্বাৰা বহুসংখ্যক লোকে হতাশাত ভূগি আত্মহত্যা কৰাৰ কথা ভাবিছিল ৷ কিন্তু এই সন্দৰ্ভত লাভ কৰা ফোনকল কৰা প্ৰায়সংখ্যক লোকক আৰক্ষীয়ে পিছত আটক কৰে ৷

বিতৰ্কিত বৈবাহিক জীৱন

উদিত নাৰায়ণৰ বৈবাহিক জীৱন সংগীতৰ কেৰিয়াৰৰ দৰে বিতৰ্কিত আছিল ৷ শিল্পীগৰাকীৰ প্ৰথমা পত্নীৰ নাম ৰঞ্জনা নাৰায়ণ আৰু দ্বিতীয়া পত্নী দীপা নাৰায়ণ ৷ উদিত নাৰায়ণে প্ৰথম বিবাহৰ কথা অস্বীকাৰ কৰিছিল, যাৰ বাবে প্ৰথমা পত্নীয়ে আইনৰ সহায় লয় ৷ তেতিয়াহে শিল্পীগৰাকীয়ে প্ৰথম বিবাহৰ কথা স্বীকাৰ কৰে ৷ দ্বিতীয়া পত্নী দীপাৰ পুত্ৰ জনপ্ৰিয় শিল্পী তথা এংকৰ আদিত্য নাৰায়ণ সম্প্ৰতি টেলিভিছন জগতৰ বিভিন্ন ৰিয়েলিটি শ্ব’ৰ লগত জড়িত ৷

শিল্পীগৰাকীৰ 66 বছৰীয়া জন্মদিন(Happy Birthday Udit Narayan)ত ইটিভি ভাৰতৰ তৰফৰ পৰা যাঁচিলো একুঁকি শুভকামনা ৷

লগতে চাওক: Urmila Mahanta ক বিয়া কৰাবলৈ দৰা সাজি আহিল দাক্ষিণাত্যৰ অভিনেতা আৰ বদ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.