ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Jan 19, 2022, 3:00 PM IST

ETV Bharat Top News
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী

ৰাজ্যত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে শেহতীয়াভাৱে ক'ভিড পৰীক্ষা আৰু ক'ভিড ৰোগী আৰু অনান্য জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত সংশোধিত নিৰ্দেশনা জাৰী কৰিছে (Assam government issues new guideline for covid management)। চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত অস্ত্ৰোপ্ৰচাৰৰ বাবে অহা ৰোগী আৰু প্ৰসূতিৰ ক্ষেত্ৰত ক'ভিড পৰীক্ষাৰ ফলাফলৰ বাবে চিকিৎসাত পলম কৰিব নোৱাৰে ।

Covid update in Assam : মঙলবাৰে ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হ’ল ক’ভিডত

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8072 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.62 শতাংশ ৷

Cabinet Meeting in Haflong : আজি হাফলঙত অনুষ্ঠিত হ'ব হিমন্ত চৰকাৰৰ কেবিনেট বৈঠক

আজি পাহাৰীয়া ঐতিহাসিক ডিমা হাছাও জিলাৰ হাফলং চহৰত অনুষ্ঠিত হ'ব 2022 বৰ্ষৰ কেবিনেট বৈঠক (Cabinet meeting of the Assam Government) । ইতিমধ্যে সাজু হৈ উঠিছে হাফলংবাসী ৷ দিনৰ 2.30 বজাৰ পৰা ডিমা হাছাওৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক (Cabinet Meeting in Haflong) ৷

বিহুত ছুটী লৈ চাকৰি হেৰুৱালে ছয়জনকৈ অসমীয়া কৰ্মচাৰীয়ে

অসমীয়াৰ বাপতি সাহোন বিহু উদযাপন কৰাৰ বাবে ছুটী লোৱাৰ বাবেই নগাঁৱৰ কৃষ্ণা চিনেমা হলত 6 জনকৈ লোকে হেৰুৱাবলগীয়া হৈছে চাকৰি (Krishna Talkies authority dismisses emplyees) । উপায়ন্তৰ হৈ কৰ্মচাৰী কেইজনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ লগত যোগাযোগ কৰে ৷ পিছে কৰ্মচাৰী কেইজনক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ বাহাল ৰাখি নিজৰ স্থিতিত অটল কৰ্তৃপক্ষ ৷

বিজেপিত যোগদান কৰিব মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে

মুলায়ম সিং যাদৱৰ সৰু বোৱাৰী অপৰ্ণা যাদৱে কাইলৈ দিল্লীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা দেখা দৈছে (Mulayam's younger daughter in law might join BJP) ৷ তেওঁৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে কেইবাজনো জ্যেষ্ঠ নেতাৰ ৷

Cabinet meeting in Haflong: জনগোষ্ঠীয় খাদ্যৰ লগতে থাকিব ৰেডিচন ব্লুৰ খাদ্য সম্ভাৰ

বুধবাৰে দিনৰ 2.30 বজাৰ পৰা হাফলঙত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Government cabinet meeting in Haflong) ৷ নেতা-আমোলাৰ বাবে ব্যৱস্থা কৰা হৈছে ডিমাচা, কুকি আৰু নগা খাদ্যৰ লগতে ৰেডিছন ব্লুৰ ৰাজকীয় খাদ্য সম্ভাৰ ৷ ইতিমধ্যে ৰেডিছন ব্লুৰ পঞ্চাশজনীয়া ৰান্ধনীৰ এটা দলে হাফলঙত বাহৰ পাতিছে ।

Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে ৷ স্বাস্থ্য বিভাগৰ খবৰ অনুসৰি প্ৰথম আৰু দ্বিতীয় ঢৌতকৈ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ তৃতীয় ঢৌৱে (Third wave of Covid in Assam) ।

দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

মাজুলীত চলিছে পৰিভ্ৰমী চৰাইৰ নিধনযজ্ঞ ৷ একাংশ লোকে পৰিভ্ৰমী চৰাইৰ আগমণ লগে লগে ধন ঘটাৰ বাবে বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি পৰিভ্ৰমী চৰাইবোৰ নিধন কৰি আহিছে (Miscreants kill birds using poison in Majuli) ৷ যাৰ ফলত মাজুলীৰ সচেতন লোকে অতি সোনকালে এই পৰিভ্ৰমী চৰাইবোৰক সুৰক্ষা প্ৰদান কৰিবলৈ মাজুলী প্ৰশাসনক অনুৰোধ জনাইছে ৷

Gambler Arrested: গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰতে নিতৌ চলে অবৈধ জুৱা

বঙাইগাঁৱত আৰক্ষীৰ জালত ৮ জন জুৱাৰী (Eight gambler arrested at Bongaigaon)। নাম্বাৰপাৰা তৃতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক বোৰহান আলী খানৰ ঘৰত জুৱা চলি থকাৰ মাজতে আৰক্ষী অভিযান । গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পলায়ন ।

ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ধুবুৰীত ক’ভিড-19ৰ সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি (Increase Covid 19 cases in Dhubri) পাইছে ৷ মঙলবাৰে পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক ধুবুৰী জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Kendriya Vidyalaya Panbari declared as Containment Zone) কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.