ETV Bharat / city

Covid update in Assam : মঙলবাৰে ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হ’ল ক’ভিডত

author img

By

Published : Jan 19, 2022, 9:48 AM IST

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8072 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.62 শতাংশ ৷

covid-positive-cases-rapidly-increasing-in-assam
ৰাজ্যত বিগত 24 ঘণ্টাত 8072 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

নিউজ ডেস্ক , 19 জানুৱাৰী : ভোগালী বিহুৰ পিছতে ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে (Increasing COVID cases in Assam) । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে (COVID cases in Guwahati) ৷ ভোগালী বিহুৰ পিছতে ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে ৷

বছৰটোৰ আৰম্ভণিতে দৈনিক এশৰ পৰা 150 গৰাকীহে লোকৰ দেহত ধৰা পৰিছিল ক'ভিড ৷ কিন্তু বৰ্তমান নিতৌ প্ৰায় আঠ সহস্ৰাধিক লোক আক্ৰান্ত হ'বলৈ ধৰিছে ক'ভিডত (Covid positive cases rapidly increasing in Assam) ৷ এই হাৰ বুধবাৰে সৰ্বাধিক হোৱা দেখিবলৈ পোৱা গৈছে ৷

মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ বৰ্তমানৰ ক'ভিড-19 ৰ পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে (Covid update in Assam) ৷

এই তথ্য মৰ্মে, ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8072 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.62 শতাংশ ৷ লগতে কৰ’ণাৰ পৰীক্ষা সম্পন্ন হৈছে 63,944 গৰাকীৰ ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত 1996 জন লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ ইতিমধ্যে 94.39 শতাংশ লোকে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ লগতে বিগত 24 ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ 16 জন লোকৰ মৃত্যু হৈছে ৷

শেহতীয়াকৈ কামৰূপ মহানগৰত ক'ভিডৰ ভয়াৱহতা যথেষ্ট হাৰত বৃদ্ধি হৈছে ৷ কেৱলমাত্ৰ কামৰূপ মহানগৰতেই 10,516 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ লগতে কাছাৰত 2,438 জন, ডিব্ৰুগড়ত 2,246 জন, যোৰহাটত 2177 জন, কামৰূপ গ্ৰাম্যত 1,599 জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰোপৰি ৰাজ্যৰ আন আন জিলাতো ক'ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে ৷

ইতিমধ্যে ৰাজ্যৰ বহুকেইখন বিদ্যালয়-মহাবিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ৷ লগতে জিলাই জিলাই চিকিৎসালয়সমূহত ক’ভিড চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ICU বিচনা, অক্সিজেনযুক্ত বিচনা, ক’ভিড ৰোগীৰ বাবে সাধাৰণ কক্ষ আদি সাজু কৰি ৰখা হৈছে ৷ সৰুসজাইত নিৰ্মাণ কৰা ক’ভিড হাস্পতাল ভোগালী বিহুৰ নিশা নিজে পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অৱশ্যে এইবাৰ ক’ভিড ৰোগীসকলে সম্পূৰ্ণ নিজা খৰচত চিকিৎসা, খাদ্য আদি গ্ৰহণ কৰিব লাগিব ক’ভিড চিকিৎসালয়ত ৷ SOP প্ৰদানৰ সময়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এই কথা ৷

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে বাৰম্বাৰ ৰাইজক অনুৰোধ জনাইছে ক’ভিডৰ নীতি-নিয়মসমূহ মানি সজাগ হৈ থাকিবলৈ ৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান, জনসমাগমৰ পৰা নিজকে বিৰত ৰখা আদি উপায় অৱলম্বনেৰে সংক্ৰমণৰ শিকলিডাল যাতে চিঙি পেলাব পাৰি তাৰ কাৰণে ৰাইজক আহ্বান জনাইছে চৰকাৰ তথা আহ্বান জনাইছে ৷

লগতে পঢ়ক : Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.