ETV Bharat / city

ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা

author img

By

Published : Jan 19, 2022, 10:07 AM IST

ধুবুৰীত ক’ভিড-19ৰ সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি (Increase Covid 19 cases in Dhubri) পাইছে ৷ মঙলবাৰে পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক ধুবুৰী জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Kendriya Vidyalaya Panbari declared as Containment Zone) কৰিছে ৷

kendriya-vidyalaya-panbari-declared-as-containment-zone
ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটী, 19 জানুৱাৰী : ভোগালী বিহুৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যতে ক’ভিড-19ৰ ভয়াবহতা বৃদ্ধি পাবলৈ ধৰিছে (Increasing COVID cases in Assam) । ৰাজ্যৰ আন আন প্ৰান্তৰ নিচিনাকৈ ধুবুৰী জিলাতো ক'ভিডে ভয়ানক ৰূপ ধাৰণ কৰিছে (Increase Covid 19 cases in Dhubri) ৷ বিগত 10 দিনত ধুবুৰীত সৰ্বাধিক 420 জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷

মঙলবাৰে ধুবুৰী জিলাত সৰ্বাধিক 226 জনকৈ লোক ক'ভিডত আক্ৰান্ত হোৱাৰ সময়তে মঙলবাৰে ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়খন জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Kendriya Vidyalaya Panbari declared as Containment Zone) কৰিছে । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ত ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল । ক’ভিড পৰীক্ষাৰ পিছত বিদ্যালয়খনৰ 39 গৰাকী শিক্ষকৰ লগতে শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰে ৷ লগে লগে ধুবুৰী জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ইফালে ধুবুৰী বিদ্যাপাৰা ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিড-19 ৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছতেই বিদ্যালয়খনৰ মুঠ 19জনৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷ বিদ্যালয়খনৰ 32 জন শিক্ষক আৰু 48 জন ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল । ইয়াৰ মাজৰ 8 জন শিক্ষক আৰু 11 জন ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷ যাৰ ফলত সমগ্ৰ অঞ্চলজুৰি এক আতংকৰ সৃষ্টি হয় ৷

বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে ৷ মঙলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা তথ্য অনুসৰি ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8072 জন (Latest Covid update of Assam)৷ ইয়াৰ মাজতেই কামৰূপ মহানগৰত ক'ভিডৰ ভয়াৱহতা যথেষ্ট হাৰত বৃদ্ধি হৈছে ৷ কেৱলমাত্ৰ কামৰূপ মহানগৰতেই 10,516 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক : গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.