ETV Bharat / city

বিহুত ছুটী লৈ চাকৰি হেৰুৱালে ছয়জনকৈ অসমীয়া কৰ্মচাৰীয়ে

author img

By

Published : Jan 19, 2022, 1:15 PM IST

Updated : Jan 19, 2022, 1:28 PM IST

অসমীয়াৰ বাপতি সাহোন বিহু উদযাপন কৰাৰ বাবে ছুটী লোৱাৰ বাবেই নগাঁৱৰ কৃষ্ণা চিনেমা হলত 6 জনকৈ লোকে হেৰুৱাবলগীয়া হৈছে চাকৰি (Krishna Talkies authority dismisses emplyees) । উপায়ন্তৰ হৈ কৰ্মচাৰী কেইজনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ লগত যোগাযোগ কৰে ৷ পিছে কৰ্মচাৰী কেইজনক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ বাহাল ৰাখি নিজৰ স্থিতিত অটল কৰ্তৃপক্ষ ৷

authority-dismisses-6-emplyees-for-taking-leave-in-bihu-at-krishna-talkies-at-nagaon
বিহুত ছুটি লৈ চাকৰি হেৰুৱালে ছয়জনকৈ অসমীয়া কৰ্মচাৰীয়ে

নগাঁও, 19 জানুৱাৰী : সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই গাইছিল "আজিৰ অসমীয়া ই নিজক নবচালে, অসমতে মগনীয়া হ’ব" ৷ এই ঘটনাৰ উদাহৰণ পোৱা গ'ল নগাঁৱত ৷ অসমীয়াৰ বাপতি সাহোন বিহুত ছুটী লোৱাৰ বাবেই নগাঁৱত 6 জনকৈ লোকে হেৰুৱাবলগীয়া হৈছে চাকৰি । ঘটনা অনুসৰি, উৰুকাৰ আগদিনা নগাঁৱৰ কৃষ্ণা চিনেমা হল (Krishna Talkies at Nagaon) ত কৰ্মৰত অৰূপ বৰা, প্ৰিয়ম মহন্ত, ৰীণা মজুমদাৰ, হৰজিন্দৰ কৌৰ, নিলোৎপল নাথ আৰু উৎপল নাথ নামৰ কৰ্মচাৰীকেইজনে ছুটী বিচাৰে ৷

চিনেমা হলটোৰ মেনেজাৰ তথা মালিক পক্ষক উৰুকা আৰু বিহুৰ বাবদ ছুটী বিচাৰি কলিকতাত থকা নিতীন বিহানী মালিকলৈ মেইল কৰে তেওঁলোকে ৷ সেই অনুযায়ী কৰ্মচাৰী কেইজনে মালিকপক্ষলৈ মেইল কৰি উৰুকা আৰু বিহুৰ দিনা নিজৰ কৰ্মস্থলীত উপস্থিত নোহোৱাত তেওঁলোকক কৰ্তব্যত যোগদান কৰিবলৈ আহোতে প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰে (Authority dismisses emplyees for taking leave in Bihu) ।

বিহুত ছুটি লৈ চাকৰি হেৰুৱালে ছয়জনকৈ অসমীয়া কৰ্মচাৰীয়ে

ইফালে বিহুৰ ছুটীত থাকোতেই প্ৰতিষ্ঠানটোৰ মেনেজাৰজনে কৰ্মচাৰী কেইজনলৈ ফোনযোগে জনাই যে এইটো এটা চিনেমা হল ৷ এই চিনেমা হলটো বছৰটোৰ 365 দিনই খোলা থাকে । সেয়ে ইয়াত কাম কৰা কৰ্মচাৰী সকলে কোনোধৰণৰ ছুটী লাভ নকৰিব বুলি কয় প্ৰতিষ্ঠানটোৰ মেনেজাৰজনে (Krishna Talkies authority dismisses emplyees) ।

উপায়ন্তৰ হৈ কৰ্মচাৰী কেইজনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ লগত যোগাযোগ কৰি মালিকপক্ষৰ লগত বুজাবুজিৰ মাধ্যমৰে বিষয়টো মীমাংসা কৰা চেষ্টা কৰে । কিন্তু ইয়াৰ পিচতো মালিকপক্ষই কৰ্মচাৰী কেইজনক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ বাহাল ৰাখি কামত যোগদান কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী কেইজনে ৷

ইয়াৰ লগতে প্ৰথম অৱস্থাত মালিকপক্ষই বিহু আদি উৎসৱত ছুটী প্ৰদানৰ ব্যৱস্থা কৰিব বুলি মৌখিক প্ৰতিশ্ৰুতি দিছিল বুলি কৰ্মচাৰীকেইজনে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে । ইয়াৰোপৰি কৰ্মচাৰী কেইজনে তেওঁলোকক কৰ্তব্যত পুনৰ নিয়োজিত কৰাৰ ব্যৱস্থা কৰি দিবলৈ কলিকতাস্থিত মালিকপক্ষক হেঁচা দিবলৈ জাতীয় সংগঠন সমূহক আহ্বান জনাইছে ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে দল হৰিণৰ সংখ্যা

Last Updated : Jan 19, 2022, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.