ETV Bharat / state

Cabinet meeting in Haflong: জনগোষ্ঠীয় খাদ্যৰ লগতে থাকিব ৰেডিচন ব্লুৰ খাদ্য সম্ভাৰ

author img

By

Published : Jan 19, 2022, 12:48 PM IST

Updated : Jan 19, 2022, 1:25 PM IST

Cabinet meeting in Haflong
Cabinet meeting in Haflong

বুধবাৰে দিনৰ 2.30 বজাৰ পৰা হাফলঙত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Government cabinet meeting in Haflong) ৷ নেতা-আমোলাৰ বাবে ব্যৱস্থা কৰা হৈছে ডিমাচা, কুকি আৰু নগা খাদ্যৰ লগতে ৰেডিছন ব্লুৰ ৰাজকীয় খাদ্য সম্ভাৰ ৷ ইতিমধ্যে ৰেডিছন ব্লুৰ পঞ্চাশজনীয়া ৰান্ধনীৰ এটা দলে হাফলঙত বাহৰ পাতিছে ।

গুৱাহাটী, ১৯ জানুৱাৰী : আজি অৰ্থাৎ বুধবাৰে গুৱাহাটীৰ বাহিৰত ড৹ হিমন্তবিশ্ব শৰ্মা মন্ত্ৰীসভাৰ তৃতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব (Assam Government cabinet meeting)। এইবাৰৰ স্থান হিচাপে বাচি লোৱা হৈছে পাহাৰৰ ৰাণী মনোমোহা হাফলঙক । ইতিমধ্যে মুখ্যমন্ত্ৰী, তেওঁৰ মন্ত্ৰীগণ, মুখ্য সচিব সমন্বিতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাসকলক কেবিনেটৰ বাবে আদৰিবলৈ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে হাফলঙক (Haflong ready for cabinet meeting) ।

অৱশ্যে কেবিনেট যদিওবা হাফলঙতে অনুষ্ঠিত হ’ব কিন্তু ইয়াৰ বাবে প্ৰয়োজনীয় ৰাজকীয় খাদ্য সম্ভাৰ যোগান ধৰা হ’ব গুৱাহাটীৰ পঞ্চতাৰকাযুক্ত হোটেলৰ পৰা (Food dishes in Haflong cabinet)। হোটেল ৰেডিছন ব্লুৰ পৰা পঠিওৱা হ’ব হাফলং কেবিনেটৰ খাদ্য । ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদে এই ব্যৱস্থা কৰিছে । ইতিমধ্যে ৰেডিছন ব্লুৰ পঞ্চাশজনীয়া ৰান্ধনীৰ এটা দলে হাফলঙত বাহৰ পাতিছে ।

ৰেডিছন ব্লুৰ ৰাজকীয় খাদ্য সম্ভাৰৰ উপৰিও অতিথিসকলক আপ্যায়িত কৰা হ’ব ডিমাচা, কুকি আৰু নগা খাদ্যৰে ।

উল্লেখযোগ্য যে, বুধবাৰে দিনৰ 10.30 বজাত মুখ্যমন্ত্ৰী ড৹ শৰ্মা গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে গৈ উপস্থিত হ’ব লামডিঙত । তাৰ পৰা গাড়ীৰে তেওঁ যাত্ৰা কৰিব হাফলঙলৈ । মনকৰিবলগীয়া যে ইতিমধ্যে ধেমাজি আৰু বঙাইগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত এইখন হ’ব গুৱাহাটীৰ বাহিৰত ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয়খন কেবিনেট । দিনৰ 2.30 বজাৰ পৰা অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক ৷

লগতে পঢ়ক : Cabinet Meeting in Haflong : আজি হাফলঙত অনুষ্ঠিত হ'ব হিমন্ত চৰকাৰৰ কেবিনেট বৈঠক

Last Updated :Jan 19, 2022, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.