ETV Bharat / city

দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

author img

By

Published : Jan 19, 2022, 2:15 PM IST

মাজুলীত চলিছে পৰিভ্ৰমী চৰাইৰ নিধনযজ্ঞ ৷ একাংশ লোকে পৰিভ্ৰমী চৰাইৰ আগমণ লগে লগে ধন ঘটাৰ বাবে বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি পৰিভ্ৰমী চৰাইবোৰ নিধন কৰি আহিছে (Miscreants kill birds using poison in Majuli) ৷ যাৰ ফলত মাজুলীৰ সচেতন লোকে অতি সোনকালে এই পৰিভ্ৰমী চৰাইবোৰক সুৰক্ষা প্ৰদান কৰিবলৈ মাজুলী প্ৰশাসনক অনুৰোধ জনাইছে ৷

miscreant-kills-birds-using-poison-in-majuli
দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

মাজুলী, 18 জানুৱাৰী : ঋতু পৰিৱৰ্তনৰ লগে লগে পূৰ্বৰ দৰেই বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যত আৰম্ভ হৈছে শীতকাল । আনহাতে বাৰিষা পানীৰে উপচি থকা ৰাজ্যৰ জলাশয়সমূহ শীতকালত হৈ পৰিছে তৰাং । এই তৰাং খাল-বিল, জলাশয় আৰু নদ-নদীসমূহ এতিয়া পৰিণত হৈছে দেশী-বিদেশী হাজাৰ-হাজাৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ ভূমিলৈ (Migratory birds in Assam's wetlands)। ব্যতিক্ৰম হোৱা নাই সত্ৰনগৰী মাজুলীও ৷

ঐতিহাসিক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সত্ৰৰ 50 বিঘা মাটি পক্ষী বিচৰণ কৰিবৰ বাবে এৰি দিছিল । শীতৰ সময়ছোৱাত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহি ভিৰ কৰেহি সত্ৰৰ এই মাটিডৰালৈ ৷ এই পৰিভ্ৰমী চৰাই চাবলৈ হাতত কেমেৰা লৈ বহু লোকৰ সমাগম ঘটে সত্ৰখনত । পিছে মাজুলীৰ একাংশ লোকে পৰিভ্ৰমী চৰাইৰ আগমণ লগে লগে ধন ঘটাৰ বাবে চৰাইবোৰ নিধন কৰি আহিছে (Miscreants kill migratory birds in Majuli) ৷

দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

এই অভিযোগ আজিৰ নহয় ৷ পৰিভ্ৰমী চৰাই সমূহক মাজুলীৰ একাংশ লোকে মাংসৰ লোভত নতুবা বিক্ৰী কৰি ধন ঘটাৰ লোভত বিভিন্ন প্ৰকাৰে আৱদ্ধ কৰি নিধন কৰি আহিছে ৷ যাৰ ফলত বিগত বছৰৰ তুলনাত এইবাৰ দক্ষিণ পাট সত্ৰৰ এই মাটিডৰালৈ পৰিভ্ৰমী পক্ষীৰ আগমন পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে (Decrease the number of migratory birds at Majuli) ৷

দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

জানিব পৰা মতে, অঞ্চলটোৰ একাংশই বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি মাজুলীলৈ অহা পৰিভ্ৰমী চৰাইবোৰ নিধন কৰি আহিছে (Miscreant kills birds using poison in Majuli) ৷ ইফালে চৰাই বধ কৰিবলৈ ব্য়ৱহাৰ কৰা বিষাক্ত দ্ৰব্য সেৱনৰ ফলত অঞ্চলটোৰ বহুকেইটা গৰু-ছাগলীৰ মৃত্যু হৈছে ৷ যাৰ ফলত মাজুলীৰ সচেতন লোকে অতি সোনকালে এই পৰিভ্ৰমী চৰাইবোৰক সুৰক্ষা প্ৰদান কৰিবলৈ মাজুলী প্ৰশাসনক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : Cabinet meeting in Haflong: জনগোষ্ঠীয় খাদ্যৰ লগতে থাকিব ৰেডিচন ব্লুৰ খাদ্য সম্ভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.