ETV Bharat / state

Gambler Arrested: গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰতে নিতৌ চলে অবৈধ জুৱা

author img

By

Published : Jan 18, 2022, 8:11 PM IST

বঙাইগাঁৱত আৰক্ষীৰ জালত ৮ জন জুৱাৰী (Eight gambler arrested at Bongaigaon)। নাম্বাৰপাৰা তৃতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক বোৰহান আলী খানৰ ঘৰত জুৱা চলি থকাৰ মাজতে আৰক্ষী অভিযান । গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পলায়ন ।

Gambler Arrested
গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰতে নিতৌ চলে অবৈধ জুৱা

মাণিকপুৰ,১৮ জানুৱাৰী : ৰাজ্যত ক'ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Covid situation of Assam)। কিন্তু একাংশ লোক যেন এতিয়ালৈ এই ক্ষেত্ৰত সজাগ হোৱা নাই । ক'ভিড পৰিস্থিতিৰ মাজতো আনকি বহু স্থানত এতিয়াও জুৱাৰ দৰে বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ অব্যাহত আছে ।

Gambler Arrested
গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ঘৰতে নিতৌ চলে অবৈধ জুৱা

বঙাইগাঁও জিলাত শেহতীয়াকৈ জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । জিলাখনৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাত আৰক্ষীয়ে অভিযান চলাই ৮ জনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে (Eight gambler arrested at Bongaigaon)। লক্ষণীয় বিষয়টো হ'ল যে নাম্বাৰপাৰা তৃতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক বোৰহান আলী খানৰ ঘৰতে চলি আছিল এই অবৈধ জুৱা ।

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত সম্পাদকগৰাকীৰ ঘৰত সোমবাৰে বিয়লি আৰক্ষীয়ে অভিযান চলায় জুৱাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয় । ইফালে আৰক্ষীৰ অভিযানৰ মাজতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক বোৰহান আলী খান পলায়ন কৰিবলৈ সক্ষম হয় । আটকাধীন আটাইকেইজনকে নিশা অভয়াপুৰীলৈ লৈ যায় আৰক্ষীয়ে ।

লগতে পঢ়ক :মহানগৰীত প্ৰৱঞ্চকক লপা-থপা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.