মহানগৰীত প্ৰৱঞ্চকক লপা-থপা ৰাইজৰ

By

Published : Jan 18, 2022, 3:27 PM IST

thumbnail

সাৱধান ! ঋণ দিয়াৰ নামত এতিয়া মহানগৰীত মুকলিকৈ ঘূৰি ফুৰিছে একাংশ দুষ্ট চক্ৰ (Free Roaming of Fraud in Guwahati) ৷ সাধাৰণ লোকক ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দি ঠগ, প্ৰৱঞ্চনাৰে একাংশ দালালে লুটি নিব পাৰে আপোনাৰ যাৱতীয় নথি-পত্ৰৰ লগতে সাঁচতীয়া ধন ৷ তেনেই এক ঘটনা সংঘটিত হ'ল মহানগৰীৰ গণেশগুৰিত ৷ গণেশগুৰিৰ ৬ ব্যৱসায়ীৰ পৰা ঋণ (loan) দিয়াৰ নামত ৬ হাজাৰকৈ টকা লৈ প্ৰৱঞ্চণা কৰাৰ অভিযোগ উত্থাপন কৰে ব্যৱসায়ীসকলে ৷ অভিযোগ অনুসৰি SBI ৰ ঋণ দিয়াৰ নামত বহুলোকক দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি আহিছিল ৰেজাউল আলী নামৰ প্ৰৱঞ্চকটোৱে । পৰৱৰ্তী সময়ত দালালটোক কেইজনমান ব্যৱসায়ীয়ে গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত ধৰি লৈ দিয়ে লপা-থপা । অৱশেষত ব্যৱসায়ী কেইজনে প্ৰৱঞ্চকটোক গতাই দিয়ে আৰক্ষীৰ হাতত (A fraud arrested from Ganeshguri) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.