ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Jan 17, 2022, 3:00 PM IST

ETV Bharat Top News
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

ছন্দত যতি পৰিল ভাৰতীয় কথক নৃত্যৰ; জীৱন মঞ্চৰ পৰা বিদায় মাগিলে পণ্ডিত বিৰ্জু মহাৰাজে

যশস্বী কথক শিল্পী পণ্ডিত বিৰ্জু মহাৰাজৰ দেহাৱসান (Kathak dancer Pandit Birju Maharaj passed away)৷ ভাৰতীয় কলা-সংস্কৃতিৰ জগত উকা কৰি 83 বছৰ বয়ত দিল্লীস্থিত নিজা বাসভৱনত দেওবাৰে নিশা ইহলীলা সম্বৰণ কৰে বিৰ্জু মহাৰাজে ৷

জ্যোতি কথা : সুন্দৰৰ সাধক ৰূপকোঁৱৰলৈ মৃত্যু দিৱসত শ্ৰদ্ধাৰ্ঘ

আজি শিল্পী দিৱস ৷ অসমীয়া সমাজ জীৱনত নতুন দিগন্তৰ সূচনা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 71 তম মৃত্যু বাৰ্ষিকী (Death anniversary of Jyoti Prashad Agawala ) ৷ মাত্ৰ 48 বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰীত ইহলীলা সম্বৰণ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷

আকৌ এবাৰ চৰকাৰীভাৱে উপেক্ষিত হ’ল বলাই ওজা; নাপালে শিল্পী পেঞ্চন

শিল্পী পেঞ্চনৰ তালিকাৰ পৰা এইবাৰো বঞ্চিত হৈ ৰ'ল মঘাই ওজাৰ প্ৰিয় শিষ্য তথা সত্তৰোৰ্ধৰ শিল্পী টীয়কৰ বলাই হাজৰিকা ওজা (Bolai Oja deprives of artist pension)। দীৰ্ঘদিন ধৰি শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিও বঞ্চিত হোৱা বলাই হাজৰিকাই এইবাৰ আশা কৰিছিল শিল্পী পেঞ্চন লাভ কৰিব বুলি । কিন্তু এইবাৰো বঞ্চিত হোৱাত দুখত ভাগি পৰিছে ঢুলীয়া শিল্পী গৰাকী ।

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল চেপন চাহ বাগিচা

এখন এম্বুলেঞ্চৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল এখন চাহ বাগিচা ৷ এম্বুলেঞ্চ নাপায় পৰিচালক-সহঃপৰিচালকক প্ৰহাৰ শ্ৰমিকৰ (Tense situation in Sepon Tea Estate)৷ প্ৰাণৰ মমতাত বাগান এৰিলে কৰ্মচাৰীয়ে ৷ তাৰপাচতেই তলা ওলমিল বাগিচাৰ কাৰ্যালয়ত ৷

Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

বোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা (Police firing at Bokajan)৷ আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷ প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ জব্দ (Huge amount of drugs seized at Bokajan)৷

‘‘মোৰ মাক দেউতাই মাৰি পেলালে’’ : চকুপানী টুকি এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ প্ৰকৃত সত্য

শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এক নং মৰিসূঁতিৰ গোপচাৰত নৃশংস হত্যাকাণ্ড (Brutal murder in Sonitpur)৷ মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে পত্নীক ৷ কণমানি পুত্ৰৰ সমুখতেই মাতৃক হত্যা ৷

বিহুৰ দুদিনত ৰাজ্যত সংঘটিত হ'ল ৮৯ টা পথ দুৰ্ঘটনা

১৩ জানুৱাৰী আৰু ১৪ জানুৱাৰীত মৃত্যুঞ্জয়-১০৮ সেৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ৮৯ টা পথ দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়ায় । উৰুকাৰ নিশা ৰাজ্যত ৪৫ টা আৰু উৰুকাৰ পিছদিনা অৰ্থাৎ শুকুৰবাৰে ৪৪ টা পথ দুৰ্ঘটনা সংঘটিত হয়(Number of road accidents registered during Magh Bihu) ।

এজাহাৰ লিখাৰ নামত থানাত দালালি কৰাসকলৰ এতিয়া কি হ’ব ?

পুনৰ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে দালাল বিৰোধী অভিযান ৷ শনিবাৰে নিশা আৰক্ষীয়ে এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আটক কৰিলে শ শ দালালক (Illegal brokers arrested from different districts in Assam) ৷

আৰক্ষীক ধমকি প্ৰদানকাৰী বিধায়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

হপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় ভূঞাই এগৰাকী আৰক্ষী বিষয়াক ফোনযোগে দিয়া ভাবুকি আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াই বিধায়ক ভূঞাক দিয়া নীতিশিক্ষাৰ ফোন ৰেকৰ্ডিং ভাইৰেল (Amiya Kumar Bhuyan viral phone call) হোৱাৰ পিছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on MLA's viral phone call contorversy) ৷ অমিয় ভূঞাই আৰক্ষীক ভাবুকি দিয়া ফোন ৰেকৰ্ডিং শুনাৰ পিছত বিধায়কগৰাকীক ভৱিষ্যতে এনে নকৰিবলৈ বুজোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

কাকপথাৰত বাঘৰ আক্ৰমণত আহত দুজন

কপথাৰ কাঠবস্তিৰ কিষাণ বস্তিত বাঘৰ আক্ৰমণত আহত হ'ল দুজনকৈ লোক(Tiger attacks two villgers at Kakopather) ৷ দেওবাৰে আবেলি নাহৰফুটুকী বাঘে হঠাৎ আক্ৰমণ চলোৱাত গুৰুতৰভাৱে আহত হয় তিলক কিষাণ (৩৩) আৰু ৰত্ন কিছান নামৰ এজন ১২ বছৰীয়া কিশোৰৰ লগতে মৃত্যু হয় এটি গৰু পোৱালী সহ দুটাকৈ ছাগলীৰ ৷ ঘটনাস্থলীত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে বিগত দুটা দিনেই বাঘটোৱে অঞ্চলটোত এটা পোৱালী সহ বিচৰণ কৰি সমগ্ৰ অঞ্চলটোত ত্ৰাস সৃষ্টি কৰি আহিছে (Leopard menace around human habitations) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.