ETV Bharat / city

‘‘মোৰ মাক দেউতাই মাৰি পেলালে’’ : চকুপানী টুকি এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ প্ৰকৃত সত্য

author img

By

Published : Jan 17, 2022, 9:41 AM IST

শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এক নং মৰিসূঁতিৰ গোপচাৰত নৃশংস হত্যাকাণ্ড (Brutal murder in Sonitpur)৷ মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে পত্নীক ৷ কণমানি পুত্ৰৰ সমুখতেই মাতৃক হত্যা ৷

Brutal murder in Sonitpur
এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ সত্য

চতিয়া, 17 জানুৱাৰী : ‘‘মোৰ মাক দেউতাই মাৰি পেলাইছে ৷ মই ভাত খাবলৈ গৈ মাক মাৰি থকা দেখিছোঁ ৷’’ কান্দি কান্দি এটি শিশুৱে ৰাইজক দিছে এই বৰ্ণনা ৷ শিশুটিৰ চকুৰ সমুখতে নিজ পিতৃয়ে হত্যা কৰিলে তাৰ মাতৃক (Minor son witnesses his mother's killed)৷ জীৱনৰ অৰ্থ নুবুজোতেই মাতৃহাৰা হ’ল অবোধ শিশুটি ৷ ঘটনা শোণিতপুৰ জিলাৰ ৷ শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত এক নং মৰিসূঁতিৰ গোপচাৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো (Brutal murder in Sonitpur)৷

মৰিসূঁতি গোপচৰ নিৱাসী ভূৱন গুৱালা নামৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নী অনিতা গোৱালাক মৰিয়াই মৰিয়াই হত্যা কৰি পাচত ওলোমাই থৈ আত্মহত্যা ৰূপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগ (Husband kills wife at Jamuguri) ৷ কিন্তু এই সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষ দশী আছিল হত্যাকাৰী ভূৱনৰ কণমানি সন্তান । পিতৃয় নিজৰ মাতৃক নৃশংসভাৱে আক্ৰমণ কৰা ঘটনা কণমানি সন্তানে স্বচক্ষে প্ৰত্যক্ষ কৰে আৰু এই কথা ওচৰ-চুবুৰীয়াক অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ সত্য

পিতৃৰ ঘাতক ৰূপ দেখি ভয়ত কম্পমান হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল শিশুটি ৷ বাটেদি গৈ থকা একাংশ লোকক কৈছিল কি ঘটিছে ঘৰৰ ভিতৰত ৷

শিশুটিৰ কান্দোন আৰু তাৰ কথা শুনি কেইজনমান লোক যেতিয়া ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল তেতিয়ালৈ বহু পলম হৈ গৈছিল ৷ পাকঘৰৰ এডাল মাৰলিত ওলমি আছিল মহিলাগৰাকীৰ মৃতদেহটো ৷ লগে লগে ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ জামুগুৰি আৰক্ষীয়ে ইতিমধ্যে ভূৱন গোৱালাক গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ পাৰিবাৰিক কাৰণতে এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে ওচৰ-চুবুৰীয়া ৰাইজে ৷

লগতে পঢ়ক : Brokers in Police Station : শোণিতপুৰত এজাহাৰ লিখা সাতজন বেচৰকাৰী লোকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.