ETV Bharat / crime

এজাহাৰ লিখাৰ নামত থানাত দালালি কৰাসকলৰ এতিয়া কি হ’ব ?

author img

By

Published : Jan 16, 2022, 7:25 PM IST

পুনৰ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে দালাল বিৰোধী অভিযান ৷ শনিবাৰে নিশা আৰক্ষীয়ে এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালসকলৰ বিৰুদ্ধে অভিযান চলাই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আটক কৰিলে শ শ দালালক (Illegal brokers arrested from different districts in Assam) ৷ চাওঁ আহক এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন ৷

illegal-brokers-in-police-stations-arrested-from-different-districts-of-assam
থানাত এজাহাৰ লিখাৰ নামত দালালি কৰা সকলৰ এতিয়া কি হ’ব ?

নিউজ ডেস্ক, 16 জানুৱাৰী : যেতিয়াৰে পৰা ড৹ হিমন্ত বিশ্ব শৰ্মা দিশপুৰৰ মছনদত অধিস্থিত হৈছে সলনি হৈছে ৰাজ্যৰ আৰক্ষী বিভাগৰ ছবি (Assam police in CM Himanta's tenure) ৷ ড্ৰাগছ, গৰুৰ চোৰাং বেহা য’তেই অপৰাধ সংঘটিত হৈছে জপিয়াই পৰিছে অসম আৰক্ষী ৷ কেৱল সিমানেই নে ? মাটিৰ দালালি বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা ওলোৱাৰ লগে লগেই আৰক্ষী বিভাগে গ্ৰেপ্তাৰ কৰিলে বহু মাটিৰ দালালক ৷

এইবাৰ পুনৰ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে দালাল বিৰোধী অভিযান (Assam police on mission against illegal brokers) ৷ ৰাজ্যৰ আৰক্ষী থানাসমূহত এজাহাৰ লিখাৰ নামত দালালি কৰাসকলৰ ওপৰত শনিবাৰে নিশা চলিল আৰক্ষীৰ অভিযান (Illegal brokers arrested from different districts in Assam) ৷

থানাত এজাহাৰ লিখাৰ নামত দালালি কৰা সকলৰ এতিয়া কি হ’ব ?

একে নিশাই আৰক্ষীয়ে এইদৰে এজাহাৰ লিখাৰ নামত দালালি কৰা মুঠ ২৪২ গৰাকী লোকক আটক কৰাৰ তথ্য ৰাজহুৱা কৰিলে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta reacts on arrest of illegal brokers) ৷

উল্লেখ্য যে, কামৰূপ(গ্ৰাম্য) ত 37 জন, গুৱাহাটী(ম) ত 8 জন, নগাঁৱত 12 জন, যোৰহাটত 9 জন, বকোত 13 জন, বিশ্বনাথত 7 জন, শোণিতপুৰ 6 জনকৈ দালালক আটক কৰে আৰক্ষীয়ে ৷

ইয়াৰোপৰি, ওদালগুৰিত 6 জন, সোণতলিত 5 জন, গৰৈমাৰীত 5 জন, কৰিমগঞ্জত 10 জন, গোৱালপাৰাত 13 জন, বঙাইগাঁৱত 12 জন, কাছাৰত 10 জন, হোজাই 8 জন, ধেমাজি 5 জন, দৰঙত 9 জন, কোকৰাঝাৰত 7 জন আৰু লখিমপুৰত 8 জন দালালক শনিবাৰে নিশা অসম আৰক্ষীয়ে আটক কৰে ৷

মন কৰিবলগীয়া যে, পূৰ্বতে দালালৰ বিৰুদ্ধে এইদৰে ৰুজু কৰা গোচৰসমূহৰ ক্ষেত্ৰত আৰক্ষীৰ ওচৰত কোনো ধৰণৰ বিশেষ তথ্য-প্ৰমাণ নথকাত জামিন লাভ কৰিছিল দালালসকলে । পিছে এইবাৰ এজাহাৰ লিখাৰ নামত ধন সংগ্ৰহ কৰা দালালৰ বিৰুদ্ধে চলোৱা এই অভিযান কিমান দূৰ সফল হয়, তাৰ উত্তৰ সময়েহে দিব পাৰিব ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে বুজালেও কথা নুশুনে নেকি অমিয় কুমাৰ ভূঞাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.