ETV Bharat / city

বিহুৰ দুদিনত ৰাজ্যত সংঘটিত হ'ল ৮৯ টা পথ দুৰ্ঘটনা

author img

By

Published : Jan 16, 2022, 8:41 PM IST

১৩ জানুৱাৰী আৰু ১৪ জানুৱাৰীত মৃত্যুঞ্জয়-১০৮ সেৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ৮৯ টা পথ দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়ায় । উৰুকাৰ নিশা ৰাজ্যত ৪৫ টা আৰু উৰুকাৰ পিছদিনা অৰ্থাৎ শুকুৰবাৰে ৪৪ টা পথ দুৰ্ঘটনা সংঘটিত হয়(Number of road accidents registered during Magh Bihu) ।

89 road accident registered in state during two days of bihu celebration
বিহুৰ দুদিনত ৰাজ্যত সংঘটিত হ'ল ৮৯ টা পথ দুৰ্ঘটনা

গুৱাহাটী, ১৬ জানুৱাৰী : ৩১ ডিচেম্বৰৰ দৰে উৰুকাৰ নিশা উৎসৱ উদযাপনৰ নামত ৰাজপথত যাতে কোনো ধৰণৰ উদ্ভণ্ডালি নহয়, তাৰ বাবে আৰক্ষী-প্ৰশাসনে ব্যাপক অভিযান চলোৱাৰ পাছতো বিহুৰ দুটা দিনত ৰাজ্যত সংঘটিত হ'ল ৮৯ টাকৈ পথ দুৰ্ঘটনা (Road accidents during Magh Bihu) । পথ দুৰ্ঘটনাৰ এই সংখ্যা মৃত্যুঞ্জয়-১০৮ সেৱাৰ ।

উল্লেখ্য যে, ১৩ জানুৱাৰী আৰু ১৪ জানুৱাৰীত মৃত্যুঞ্জয়-১০৮ সেৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ৮৯ টা পথ দুৰ্ঘটনাৰ ক্ষেত্রত সেৱা আগবঢ়ায় । অৰ্থাৎ, মৃত্যুঞ্জয় সেৱাত পঞ্জীয়নভুক্ত হোৱা এই সংখ্যাৰ উপৰি বহু দুৰ্ঘটনা উৰুকাৰ নিশা আৰু পিছদিনা ৰাজ্যত সংঘটিত হৈছে । চৰকাৰী ব্যাপক তৎপৰতাৰ পাছতো বিহুৰ দুটা দিনত ৰাজ্যত বহু দুৰ্ঘটনা সংঘটিত হ'ল ।

অৱশ্যে বিগত বৰ্ষৰ তুলনাত এইবাৰ দুৰ্ঘটনা আৰু হতাহতৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। মৃত্যুঞ্জয় সেৱাৰ তথ্য মতে উৰুকাৰ নিশা ৰাজ্যত ৪৫ টা আৰু উৰুকাৰ পিছদিনা অৰ্থাৎ শুকুৰবাৰে ৪৪ টা পথ দুৰ্ঘটনা সংঘটিত হয় ।

উৰুকাৰ দিনা বৃহস্পতিবাৰে আৰু পিছদিনা শুকুৰবাৰে ৰাজ্যৰ বাক্সা জিলাত ক্ৰমে এটা আৰু দুটা, ধেমাজিত এটা আৰু দুটা, গোলাঘাটত এটা আৰু ৫ টা, কামৰূপত ৫ টা আৰু ৩ টা, কামৰূপ(ম) ত এটা আৰু ৫ টা, নলবাৰীত ৫ টা আৰু ২ টা, ধুবুৰীত ৫ টা আৰু ৫ টা, গোৱালপাৰাত উৰুকাৰ দিনা এটা, লখিমপুৰত দুটা আৰু এটা, মৰিগাঁৱত দুটা আৰু দুটা, নগাঁৱত শুকুৰবাৰে এটা দুৰ্ঘটনা সংঘটিত হয় ৷

আনহাতে, বৃহস্পতিবাৰে আৰু শুকুৰবাৰে কাছাৰত ক্ৰমে ৩ টা আৰু ৩ টা, তিনিচুকীয়াত উৰুকাৰ দিনা এটা, ওদালগুৰিত ৩ টা আৰু ৪ টা, দৰঙত উৰুকাৰ দিনা দুটা, কোকৰাঝাৰত শুকুৰবাৰে এটা, মাজুলীত এটা আৰু এটা আৰু শোণিতপুৰ জিলাত ৪ টা আৰু ৩ টাকৈ মুঠ ৮৯ টা পথ দুৰ্ঘটনা সংঘটিত হয় ।

লক্ষণীয় বিষয় যে, এইবাৰ ৩১ ডিচেম্বৰ আৰু উৰুকাৰ দিনা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল । মুখ্যমন্ত্রীৰ কঠোৰ নিৰ্দেশৰ পাছতে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসনে ব্যাপক অভিযান চলাইছিল (Administration took measure to reduce accident in Uruka) ।

নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে লক আপত ৰখাৰ ব্যৱস্থা কৰা হৈছিল (Penalty for protocol breakers in Uruka night) । এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো মৃত্যুঞ্জয় সেৱাত বিহুৰ দুটা দিনত ৮৯ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য আহে (Number of road accidents registered during Magh Bihu) । ৩১ ডিচেম্বৰৰ নিশা পঞ্জীয়ন হৈছিল ১০৭ টা পথ দুৰ্ঘটনাৰ ঘটনা ।

লগতে পঢ়ক : এজাহাৰ লিখাৰ নামত থানাত দালালি কৰাসকলৰ এতিয়া কি হ’ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.