ETV Bharat / state

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল চেপন চাহ বাগিচা

author img

By

Published : Jan 17, 2022, 2:17 PM IST

এখন এম্বুলেঞ্চৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল এখন চাহ বাগিচা ৷ এম্বুলেঞ্চ নাপায় পৰিচালক-সহঃপৰিচালকক প্ৰহাৰ শ্ৰমিকৰ (Tense situation in Sepon Tea Estate)৷ প্ৰাণৰ মমতাত বাগান এৰিলে কৰ্মচাৰীয়ে ৷ তাৰপাচতেই তলা ওলমিল বাগিচাৰ কাৰ্যালয়ত ৷

Tense situation in Sepon Tea Estate
প্ৰাণৰ মমতাত বাগান এৰিলে কৰ্মচাৰীয়ে

মৰাণ, 17 জানুৱাৰী : অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰা হৈছে চেপন চাহ বাগিচা (Sepon Tea Estate closed indefinitly)৷ শনিবাৰে নিশা বাগিচাখনৰ বেতবাৰী শাখাৰ 21 নম্বৰ লাইনত হঠাৎ অসুস্থ হৈ পৰে এগৰাকী শ্ৰমিক ৷ অসুস্থ শ্ৰমিকজনক চিকিৎসালয়লৈ নিবলৈ বাগিচা কৰ্তৃপক্ষৰ পৰা এম্বুলেঞ্চ বিচাৰি আহে স্থানীয় কেইজনমান যুৱকে ৷ কিন্তু সেইসময়ত বাগিচাৰ এম্বুলেঞ্চখনে অন্য ৰোগীক লৈ গৈছিল ডিব্ৰুগড়লৈ ৷ ভোগালী বিহুৰ বাবে কাৰ্যালয় বন্ধ তথা চালক ছুটীত থকাৰ পৰিপ্ৰেক্ষিতত আন গাড়ীও দিয়াতো সমস্যাত পৰে কৰ্তৃপক্ষ ৷

এই ঘটনাত ক্ষুব্ধ হৈ বাগিচাৰ ১২ নম্বৰ লাইনত থকা চিকিৎসালয়খনত তাণ্ডৱ চলাই লণ্ডভণ্ড কৰে একাংশ লোকে (Labours vandalised hospital in Sepon Tea Estate)৷ ঘটনাৰ খবৰ পোৱাৰ পিছতেই বাগিচাৰ পৰিচালক মণ্ডলী চিকিৎসালয়খনত উপস্থিত হয় যদিও কথাৰ মাজতে উদণ্ড কেইজনমান যুৱকে শাৰীৰিকভাৱে অপদস্থ কৰে পৰিচালক-সহঃপৰিচালকক (Sepon Tea Estate physically asult by labours) ৷

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল চেপন চাহ বাগিচা

এই ঘটনাৰ পাচতেই মৰাণ আৰক্ষী থানাত গোচৰ দাখিল কৰি নিশাই বাগিচা এৰে পৰিচালক আৰু সহঃপৰিচালকে ৷ ইফালে কৰ্তৃপক্ষই লগে লগে অনিৰ্দিষ্ট কালৰ বাবে বাগানখন বন্ধ ঘোষণা কৰে (Authority closed Sepon Tea Estate)৷

ক্ষন্তেকৰ উন্মাদনাত হিতাহিত জ্ঞান হেৰুৱাই এতিয়া নিজৰ জীৱিকাৰ প্ৰতি বিপদ মাতি আনিলে এইসকল শ্ৰমিকে ৷ জানিব পৰা মতে প্ৰায় দুই সহস্ৰাধিক শ্ৰমিক আছে বাগিচাখনত ৷ যদি বাগিচাখন এইদৰে বন্ধ হৈ যায়, তেন্তে জীৱিকাৰ বাট বন্ধ হৈ পৰিব এই শ্ৰমিকসকলৰ ৷ ইতিমধ্যে মৰাণৰ চক্ৰ বিষয়া ড৹ সংগীত শৰ্মা, চাহ মজদুৰ সংঘৰ বিষয়-ববীয়া আদিয়ে ঘটনাৰ বুজ লৈছে ৷ কিন্তু এতিয়াও নিশ্চিত নহয়, কেতিয়া আকৌ বাজিব চেপন বাগিচাৰ চাইৰেণ ৷

লগতে পঢ়ক : আকৌ এবাৰ চৰকাৰীভাৱে উপেক্ষিত হ’ল বলাই ওজা; নাপালে শিল্পী পেঞ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.