আকৌ এবাৰ চৰকাৰীভাৱে উপেক্ষিত হ’ল বলাই ওজা; নাপালে শিল্পী পেঞ্চন

By

Published : Jan 17, 2022, 1:20 PM IST

thumbnail

শিল্পী দিৱসৰ দিনা অসম চৰকাৰে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বহুকেইগৰাকী ব্যক্তিক বিভিন্ন বঁটাৰে সন্মানিত কৰাৰ লগতে বহুকেইগৰাকী শিল্পীলৈ শিল্পী পেঞ্চন, এককালীন সাহাৰ্য আদি ঘোষণা কৰিছে (State Government's artist pension) । কিন্তু এই শিল্পী পেঞ্চনৰ তালিকাৰ পৰা এইবাৰো বঞ্চিত হৈ ৰ'ল মঘাই ওজাৰ প্ৰিয় শিষ্য তথা সত্তৰোৰ্ধৰ শিল্পী টীয়কৰ বলাই হাজৰিকা ওজা (Bolai Oja deprives of artist pension)। দীৰ্ঘদিন ধৰি শিল্পী পেঞ্চনৰ বাবে আবেদন কৰিও বঞ্চিত হোৱা বলাই হাজৰিকাই এইবাৰ আশা কৰিছিল শিল্পী পেঞ্চন লাভ কৰিব বুলি । কিন্তু এইবাৰো বঞ্চিত হোৱাত দুখত ভাগি পৰিছে ঢুলীয়া শিল্পী গৰাকী । উল্লেখযোগ্য যে, বিগত সময়ত অসমৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পী বলাই ওজাৰ খবৰ ল'বলৈ বিভিন্ন সময়ত টীয়কস্থিত তেওঁৰ বাসগৃহত উপস্থিত হৈছিল ৷ প্ৰতিবাৰে অন্ততঃ শিল্পী পেঞ্চনৰ বাবে তেওঁৰ নাম সন্নিৱিষ্ট কৰাৰ আশ্বাস দিছিল যদিও আজিলৈকে সেয়া হৈ নুঠিল ৷ জীৱনৰ এই শেষ বেলিকাত তেওঁক পেঞ্চনৰ ব্যৱস্থা কৰি জীৱন যাপনৰ বাবে সুবিধা কৰি দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে শিল্পীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.