ETV Bharat / state

Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

author img

By

Published : Jan 17, 2022, 10:33 AM IST

Encounter at Bokajan
Encounter at Bokajবোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা an

বোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা (Police firing at Bokajan)৷ আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই ড্ৰাগছ সৰবৰাহকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷ প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ জব্দ (Huge amount of drugs seized at Bokajan)৷

ডিফু, ১৭ জানুৱাৰী : কাৰ্বি আংলঙৰ বোকাজানত আৰক্ষীৰ এনকাউন্টাৰ (Police encounter at Bokajan)৷ দেওবাৰে নিশা খটখটী আৰক্ষীৰ গুলীত এটা ড্ৰাগছ সৰবৰাহকাৰী আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰখা কঠোৰ অভিযানক (Police operation against drugs at Assam Nagaland border) প্ৰত্যাহ্বান জনাই ড্ৰাগছ সৰবৰাহ কৰাৰ মৰ সাহ কৰি আহিছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই ৷ ড্ৰাগছ সৰবৰাহৰ প্ৰতিটো অপচেষ্টা আৰক্ষীয়ে ব্যৰ্থ কৰাৰ পিছতো থমকি ৰোৱা নাই বৰবিহ সদৃশ অবৈধ ড্ৰাগছৰ মাফিয়া চক্ৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে নিশা ১.৩০ মান বজাত এক গোপন সূত্ৰৰ ভিত্তিত খটখটী আৰক্ষী, চি আৰ পি এফ জোৱানৰ দল আৰু সংগীয় ষ্টাফে খটখটী এছ বি আই শাখাৰ ওচৰত নাকা তালাচী চলায় ৷ উক্ত তালাচীৰ সময়ত মণিপুৰৰ পৰা আহি থকা MZ 08 3546 পঞ্জীয়ন নম্বৰৰ এখন ট্ৰাকত ১১৫ টা চাবোনৰ বাকচত প্ৰায় ১ কেজি ৬০০ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে (Huge amount of drugs seized at Bokajan) ৷ ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্রায় ২০ কোটি টকা বুলি জানিব পৰা গৈছে ৷

বোকাজানত খটখটী আৰক্ষীৰ গুলীচালনা

হেৰ’ইনখিনি বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ উপস্থিতত জব্দ কৰা হয় ৷ লগতে হেৰ’ইনখিনি খিনিৰ সৰবৰাহকাৰী আমিৰ হুছেইন আৰু চালাও ৰহমানক আটক কৰে আৰক্ষীয়ে । বোকাজান আৰক্ষীৰ তালাচী সমূহ পাৰ কৰি দিয়াৰ পিছত বোকাজানৰ এক গোপন স্থানত ডেলিভাৰী দিয়াৰ কথা আছিল ড্ৰাগছ খিনি ।

আৰক্ষীৰ সোধা পোছাত সেই কথা স্বীকাৰ কৰিছিল দুই সৰবৰাহকাৰীয়ে ৷ আৰক্ষীক সেই গোপন স্থান দেখুৱাবলৈ যাওতেই সৰবৰাহকাৰী আমিৰ হুছেইনে শাৰীৰিক অসুবিধা পোৱা বুলি নামিবলৈ খোজে ৷ আৰক্ষীয়ে আমিৰক নমাই দিয়াৰ লগে লগেই আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰে সৰবৰাহকাৰীটোৱে (Drug peddler tries to flee from police custody)। লগে লগে আৰক্ষীয়ে আমিৰলৈ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰে (Police firing to drug peddler at Bokajan)৷ আহত আমিৰ হুছেইনক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ‘‘মোৰ মাক দেউতাই মাৰি পেলালে’’ : চকুপানী টুকি এটি শিশুৱে বৰ্ণনা কৰিলে মাতৃ হত্যাৰ প্ৰকৃত সত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.