ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ...

author img

By

Published : Oct 16, 2021, 3:00 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ...

দশমীৰ নিশা নগাঁৱৰ আমবাগানত কিহৰ উত্তেজনা

বিজয়া দশমীৰ নিশা হঠাতে উত্তপ্ত হৈ পৰে নগাঁৱৰ আমবাগান । এজন যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে আমবাগান । আৰক্ষীৰ তৎপৰতাত নিয়ন্ত্ৰণ পৰিস্থিতি ।

পৰম্পৰাগত পোছাকেৰে বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে শুকুৰবাৰে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ সত্ৰসমূহ ৷ কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোঁসাই থানতো পালন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ ৷

দেশত একেৰাহে তৃতীয় দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

শনিবাৰে দেশত পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য । ৰাজধানী চহৰত ০.৩৫ পইচাকৈ বৃদ্ধি হৈ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৯৪.২২ টকা । সমান্তৰালকৈ বাকী চহৰবোৰতো বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য ।

76 বছৰত ভৰি দিলে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে

এইবেলিও নিজৰ জন্মদিন উদযাপন নকৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ শনিবাৰে 76 বছৰত ভৰি দিলে বিজু জনতা দলৰ মুৰব্বীগৰাকী ৷

সিংঘু সীমান্তত সংঘটিত হত্যাকাণ্ড : উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান

সিংঘু সীমান্ত(Singhu border)ত সংঘটিত হত্যাকাণ্ডৰ অভিযুক্তৰ আত্মসমৰ্পণ । শুকুৰবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে(Manohar Lal Khattar) তেওঁৰ বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান জনায় । ইফালে, অভিযুক্ত সৰবজিৎ সিঙক শনিবাৰে আদালতত হাজিৰ কৰোৱা হ'ব ।

Big Boss 15 : শমিতা চেট্টীক কৰা অপমানৰ বাবে অগ্নিশৰ্মা চলমান

Weekend Ka Vaar খণ্ডত শ্ব’ টোৰ হোষ্ট চলমান খানে আফছানাক তেওঁৰ abusive ব্যৱহাৰৰ বাবে গালি পৰা দেখিবলৈ পোৱা যাব ৷ শ্ব’ টোৰ শেহতীয়া এটা প্ৰম’ত, চলমানে এই কথাও কোৱা দেখা যায় যে যদিহে তেওঁৰ কৰ্তৃত্ব থাকিলহেতেন তেন্তে তেওঁ আফছানাক শ্ব’ ৰ পৰা এলিমিনেট কৰি দিলেহেতেন ৷

শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু শ্বেৰলিন চোপ্ৰাৰ

পৰ্ণ'গ্ৰাফী গোচৰৰ বিতৰ্কত সোমাই পৰা ৰাজ কুন্দ্ৰা আৰু পত্নী শিল্পা চেট্টীৰ সন্মুখত আন এক বিপদ । এইবাৰ অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাই গোচৰ ৰুজু কৰিলে দুয়োগৰাকীৰ বিৰুদ্ধে ।

গুলাবো চিতাবো খ্যাত অভিনেত্ৰী ফাৰুখ জাফৰৰ মৃত্যু

৮৯ বছৰ বয়সত লক্ষ্ণৌৰ এখন হাস্পতালত মৃত্যু হয় অভিনেত্ৰী ফাৰুখ জাফৰৰ । শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভূগি আছিল অভিনেত্ৰীগৰাকী । তেওঁৰ মৃত্যুত সমগ্ৰ বলীউডত পৰিছে শোকৰ ছাঁ ।

বিশ্ব খাদ্য দিৱস : 8 বিধ স্বাস্থ্যকৰ মাজ নিশাৰ খাদ্য

আপোনাৰ বাৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আকৌ ভোক অনুভৱ হয় নেকি ? কিন্তু আপুনি ওজন বৃদ্ধি পৰিহাৰ কৰিবলৈ এই প্ৰলোভন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে ? চিন্তা নকৰিব ! এনে কিছুমান খাদ্য আছে, যি আপুনি মাজনিশাৰ জলপান হিচাপে গ্ৰহণ কৰিব পাৰে আৰু ওজন বৃদ্ধিক লৈ নিশ্চিন্ত থাকিব পাৰে ।

উত্তৰ গুৱাহাটীত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ

উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজা প্ৰাংগণত এইবাৰৰ মূল আকৰ্ষণ আছিল ১০০ ফুট উচ্চতাৰ ৰাৱণ । সমাজৰ পৰা অপায়-অমংগল, অসূয়া শক্তিক বিনাশ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সংকল্পৰে উত্তৰ গুৱাহাটীত আয়োজন কৰা হয় এই ৰাৱণ দহনৰ কাৰ্যসূচী । গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ এটা যুৱ শিল্পীৰ দলে নিৰ্মাণ কৰে ৰাৱণৰ প্ৰতিমূৰ্তিটো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.