ETV Bharat / sitara

শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু শ্বেৰলিন চোপ্ৰাৰ

author img

By

Published : Oct 16, 2021, 11:51 AM IST

পৰ্ণ'গ্ৰাফী গোচৰৰ বিতৰ্কত সোমাই পৰা ৰাজ কুন্দ্ৰা আৰু পত্নী শিল্পা চেট্টীৰ সন্মুখত আন এক বিপদ । এইবাৰ অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাই গোচৰ ৰুজু কৰিলে দুয়োগৰাকীৰ বিৰুদ্ধে ।

FIR
শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ শ্বেৰলিন চোপ্ৰাৰ

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : পুনৰ চৰ্চাত পৰ্ণ'গ্ৰাফী গোচৰৰ অভিযুক্ত ৰাজ কুন্দ্ৰা । এইবাৰ অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাই পুনৰ ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে । ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু শোষণৰ অভিযোগ উত্থাপন কৰে শ্বেৰলিন চোপ্ৰাই । মুম্বাই আৰক্ষীৰ ওচৰত বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী আৰু তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰাসহ কেইবাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে শ্বেৰলিন চোপ্ৰাই ।

১৪ অক্টোবৰত কুন্দ্ৰা আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে অভিনেত্ৰীগৰাকীয়ে । শ্বেৰলিন চোপ্ৰাই অভিযোগ কৰা মতে শিল্পা চেট্টীয়ে তেওঁৰ স্বামীৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বাবে প্ৰলোভিত কৰিছিল । ইফালে পূৰ্বে এক গোচৰ উঠাই ল'বলৈ কুন্দ্ৰাই শ্বেৰলিনক আণ্ডাৰৱৰ্ল্ডৰ ভয় দেখুৱাইছিল ।

শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু শ্বেৰলিন চোপ্ৰাৰ

শ্বেৰলিনে অভিযোগ কৰা মতে তেওঁৰ কেৰিয়াৰ ধ্বংস কৰাৰ ভাবুকি দিছিল কুন্দ্ৰাই । আনকি শ্বেৰলিনৰ সৈতে তিনিটা ভিডিঅ' শ্বুটিং কৰিছিল, যাৰ ধন এতিয়াও শ্বেৰলিনক দিয়া হোৱা নাই । সংবাদ মাধ্যমৰ সন্মুখত শ্বেৰলিনে কয় যে, তেওঁ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিবলৈ ২০২১ চনৰ ১৪ এপ্ৰিলত জুহু আৰক্ষী থানাৰ কাষ চাপিছিল । অভিনেত্ৰীগৰাকীৰ মতে ৰাজ কুন্দ্ৰাই বলপূৰ্বকভাৱে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁক ১৯ এপ্ৰিলত গোচৰটো প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিছিল ।

উল্লেখ্য যে, কুন্দ্ৰাক ১৯ জুলাইত আৰক্ষীয়ে আন ১১ গৰাকী লোকৰ সৈতে পৰ্ণ চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । ৬০ দিন কাৰাগাৰত কটোৱাৰ পিছত ৫০,০০০ টকাৰ জৰিমনাৰ সৈতে কুন্দ্ৰাক ২০ ছেপ্তেম্বৰত জামিন দিয়া হৈছিল ।

লগতে পঢ়ক : গুলাবো চিতাবো খ্যাত অভিনেত্ৰী ফাৰুখ জাফৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.