ETV Bharat / sitara

গুলাবো চিতাবো খ্যাত অভিনেত্ৰী ফাৰুখ জাফৰৰ মৃত্যু

author img

By

Published : Oct 16, 2021, 11:25 AM IST

৮৯ বছৰ বয়সত লক্ষ্ণৌৰ এখন হাস্পতালত মৃত্যু হয় অভিনেত্ৰী ফাৰুখ জাফৰৰ । শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভূগি আছিল অভিনেত্ৰীগৰাকী । তেওঁৰ মৃত্যুত সমগ্ৰ বলীউডত পৰিছে শোকৰ ছাঁ ।

Gulab Sitabo actor Farrukh Jafar no more
জ্যেষ্ঠ অভিনেত্ৰী ফাৰুখ জাফৰৰ মৃত্যু

চিটাৰা ডেস্ক,১৬ অক্টোবৰ : 'গুলাবো চিতাবো' (Gulabo Sitabo) আৰু 'চুলতান'(Sultan) চলচ্চিত্ৰত অভিনয়ৰ জৰিয়তে যথেষ্ট সমাদাৰ লাভ কৰা বিশিষ্ট অভিনেত্ৰী ফাৰুখ জাফৰ (Farrukh Jafar) আৰু নাই । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ । মৃত্যুৰ সময়ত জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৮৯ বছৰ । অভিনেত্ৰীগৰাকীৰ জ্যেষ্ঠ কন্যাই জনোৱা মতে ফাৰুখ জাফৰ অসুস্থ আছিল আৰু এই মাহৰ আৰম্ভণিতে তেওঁক চাহাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ বাবে ৪ অক্টোবৰত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । নাতি শাজ আহমেদে জাফৰৰ মৃত্যুৰ খবৰ টুইটাৰত শ্বেয়াৰ কৰিছে । টুইটত তেওঁ উল্লেখ কৰা মতে, স্বাধীনতা সংগ্ৰামী তথা প্ৰাক্তন বিধান পৰিষদৰ সদস্য এছ এম জাফৰৰ পত্নী অভিনেত্ৰী ফাৰুখ জাফৰৰ লক্ষ্ণৌত মৃত্যু হয় । শনিবাৰে পুৱা তেওঁৰ অন্তিম সংস্কাৰ কৰা হ'ব ।

১৯৬৩ চনত বিবিধ ভাৰতী লক্ষ্ণৌৰ প্ৰথম ৰেডিঅ' ঘোষকসকলৰ ভিতৰত অন্যতম ফাৰুখ জাফৰে ১৯৮১ চনৰ ক্লাছিক উমৰাও জানৰ (Umrao Jaan) জৰিয়তে ৰূপালী পৰ্দাৰ যাত্ৰা আৰম্ভ কৰিছিল । ইয়াত তেওঁ অভিনেত্ৰী ৰেখাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল । পাছত তেওঁ কিছুমান টিভিৰ অনুষ্ঠানত অভিনয় কৰিছিল ৷ কিন্তু ২০০৪ চনৰ শ্বাহৰুখ খান অভিনীত 'স্বদেশ'ত অভিনয় কৰি যথেষ্ট প্ৰশংসা লাভ কৰিছিল ।

তেওঁৰ আন ছবিসমূহৰ ভিতৰত আছে আমিৰ খানৰ পিপলি লাইভ (Peepli Live), ছলমান খান অভিনীত চুলতান, নৱাজউদ্দিন ছিদ্দিকীৰ ফটোগ্ৰাফ (Photograph) আদি । কিন্তু তেওঁৰ আটাইতকৈ স্মৰণীয় অভিনয় দেখিবলৈ পোৱা গৈছিল সুজিত চিৰকাৰৰ দ্বাৰা পৰিচালিত 'গুলাবো চিতাবো'ত । এক সাক্ষাৎকাৰত জাফৰে ছবিখনত নিজৰ চৰিত্ৰকলৈ যথেষ্ট সুখী বুলিও উল্লেখ কৰিছিল । চলচ্চিত্ৰখনত তেওঁ মেগা ষ্টাৰ অমিতাভ বচ্চনৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল ।

গুলাবো চিতাবোৰ চিত্ৰ নাট্যকাৰ জুহি চতুৰ্বেদীয়ে জাফৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । ইনষ্টাগ্ৰামৰ জৰিয়তে জুহি চতুৰ্বেদীয়ে জাফৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে । জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া বলীউডত শোকৰ ছাঁ পৰা দেখা গৈছে ।

লগতে পঢ়ক : Money Laundering Case : পুনৰ জেকলিন ফাৰ্ণাণ্ডেজক সোধ-পোচ কৰিব EDয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.