ETV Bharat / bharat

76 বছৰত ভৰি দিলে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে

author img

By

Published : Oct 16, 2021, 1:44 PM IST

এইবেলিও নিজৰ জন্মদিন উদযাপন নকৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ শনিবাৰে 76 বছৰত ভৰি দিলে বিজু জনতা দলৰ মুৰব্বীগৰাকী ৷

Odisha CM turns 76, not to celebrate his birthday this year too
76 বছৰত ভৰি দিলে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে; এইবেলিও উদযাপন নকৰে জন্মদিন

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ : শনিবাৰে 76 বছৰত ভৰি দিলে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনয়কে ৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবেলিও জন্মদিন উদযাপনৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰীগৰাকী ৷ চতুৰ্থবাৰৰ বাবে নিজৰ জন্মদিন উদযাপনৰ পৰা বিৰত বিজু জনতা দলৰ নেতাগৰাকী ৷ 2020 চনতো ক’ভিডৰ বাবে জন্মদিন উদযাপন কৰা নাছিল নবীন পাটনায়কে ৷

এক বিবৃতিত, বিজু জনতা দলৰ (বিজেডি) সভাপতি পাটনায়কে তেওঁৰ সমৰ্থক, শুভাকাংক্ষী আৰু দলৰ নেতাসকলক তেওঁৰ বাসগৃহ নবীন নিৱাসলৈ নাযাবলৈ আহ্বান জনায় আৰু তাৰ পৰিৱৰ্তে ক’ভিডত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সহায় কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে তেওঁৰ শুভাকাংক্ষীসকলক জন্মদিন উপলক্ষে ৰক্ত আৰু প্লাজমা দান কৰিবলৈ উৎসাহিত কৰে ।

উল্লেখ্য যে, 2016 চনতো উৰি আক্ৰমণত নিহত ভাৰতীয় সেনা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পাটনায়কে জন্মদিন উদযাপন কৰা নাছিল ৷ একেদৰে 2013 আৰু 2014 ত ওড়িশা ঘূৰ্ণীবতাহ ফৈলান আৰু হুদহুদৰ দ্বাৰা প্ৰভাৱান্বিত হোৱাৰ বাবে জন্মদিন উদযাপনৰ পৰা বিৰত আছিল ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক : দেশত একেৰাহে তৃতীয় দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.