ETV Bharat / bharat

দেশত একেৰাহে তৃতীয় দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : Oct 16, 2021, 11:36 AM IST

শনিবাৰে দেশত পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য । ৰাজধানী চহৰত ০.৩৫ পইচাকৈ বৃদ্ধি হৈ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৯৪.২২ টকা । সমান্তৰালকৈ বাকী চহৰবোৰতো বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য ।

prices hike
দেশত একেৰাহে তৃতীয় দিনাও বাঢ়িল পেট্ৰ'ল ডিজেলৰ মূল্য

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : একেৰাহে তৃতীয় দিনাও দেশত বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । বৃহস্পতিবাৰে পুনৰ সমগ্ৰ দেশতে বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৷ ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ০.৩৫ পইচাকৈ বৃদ্ধি পাইছে ৷ ইয়াৰ লগে লগে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৫.৪৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৯৪.২২ টকা ।

মুম্বাইত পেট্ৰ'লৰ মূল্য ০.৩৪ টকা বৃদ্ধি হৈ প্ৰতি লিটাৰৰ মূল্য হয়গৈ ১১১.৪৩ টকা আৰু ডিজেলৰ মূল্য ০.৩৭ টকা বৃদ্ধি হৈ প্ৰতি লিটাৰত ১০২.১৫ টকা হয় । একেদৰে পশ্চিমবংগৰ কলকাতাত পেট্ৰ'ল-ডিজেলৰ মূল্য ক্ৰমে ১০৬.১০ টকা আৰু ৯৭.৩৩ টকা আৰু চেন্নাইত ক্ৰমে ১০২.৭০ টকা আৰু ৯৮.৫৯ টকা । উল্লেখ্য যে, তৈল কোম্পানীবোৰে বিগত সপ্তাহ ধৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে ৷

বিগত এসপ্তাহ ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ পাছত ১২ অক্টোবৰ আৰু ১৩ অক্টোবৰত কোনো মূল্য বৃদ্ধি হোৱা নাছিল ৷ দুদিন বিৰতিৰ পাছত একেৰাহে তৃতীয় দিনাও পুনৰ বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

লগতে পঢ়ক : ভাৰত মাতা মন্দিৰ : অবিভক্ত ভাৰতক পূজা কৰা একমাত্ৰ মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.