ETV Bharat / state

পৰম্পৰাগত পোছাকেৰে বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

author img

By

Published : Oct 16, 2021, 11:31 AM IST

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে শুকুৰবাৰে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ সত্ৰসমূহ ৷ কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোঁসাই থানতো পালন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ ৷

Health Minister Keshab Mahanta At Kaliabor
বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ, 16 অক্টোবৰ : কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোঁসাই থানত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ গুৰুজনাৰ কলা-কৃষ্টি প্ৰদৰ্শনৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হয় কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ থান । এই আৰ্ৱিভাৱ মহোৎসৱৰ প্ৰথমদিনাৰ কাৰ্যসূচীত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ।

গুৰুজনাৰ আৰ্ৱিভাৱ মহোৎসৱত ধৰ্মালোচনী সভাৰ মুখ্য অতিথি বৈষ্ণৱ পণ্ডিত গৱেষক হেমভাইৰ লগতে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে । সভাত 'শ্ৰীমন্ত' নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । ইয়াৰ লগতে গুণমালা নামতো অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ সন্ধিয়া কলিয়াবৰৰ জাতি-জনগোষ্ঠীয় ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গই ৫৭৩ গছি বন্তি প্ৰজ্বলন কৰে ।

বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত পশ্চিম কলিয়াবৰ সত্ৰ মহাসভাৰ ব্যৱস্থাপনাত শ্ৰীশ্ৰীবালিসত্ৰত এই গুৰু জয়ন্তী উৎসৱ পালন কৰা হয় । শনিবাৰে নিশা সত্ৰখনত কলিয়াবৰৰ বয়োজ্যেষ্ঠ শিল্পীসকলৰ দ্বাৰা গুৰুজনাৰ 'ৰাম বিজয়' অংকীয়া নাট প্ৰদৰ্শন কৰা হ'ব ।

লগতে পঢ়ক : উত্তৰ গুৱাহাটীত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.