ETV Bharat / bharat

সিংঘু সীমান্তত সংঘটিত হত্যাকাণ্ড : উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান

author img

By

Published : Oct 16, 2021, 12:56 PM IST

সিংঘু সীমান্ত(Singhu border)ত সংঘটিত হত্যাকাণ্ডৰ অভিযুক্তৰ আত্মসমৰ্পণ । শুকুৰবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে(Manohar Lal Khattar) তেওঁৰ বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান জনায় । ইফালে, অভিযুক্ত সৰবজিৎ সিঙক শনিবাৰে আদালতত হাজিৰ কৰোৱা হ'ব ।

Haryana CM calls high level meet
সিংঘু সীমান্তত সংঘটিত হোৱা হত্যাকাণ্ড সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্ত(Singhu border)ত কৃষক আন্দোলন অব্যাহত থকাৰ সময়তে শুকুৰবাৰে উক্ত অঞ্চলত সংঘটিত এক নৃশংস হত্যাকাণ্ড । এজন লোকক নিৰ্মমভাৱে হত্যা কৰি দুৰ্বৃত্তই তেওঁৰ মৃতদেহ ওলোমাই ৰাখিলে আৰক্ষীৰ বেৰিকেডত । এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । শুকুৰবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে(Manohar Lal Khattar) তেওঁৰ বাসভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান জনায় ।

বৈঠকত এই হত্যাকাণ্ডৰ বিষয়ে আলোচনা কৰা হয় । পূৰ্বে মুখ্যমন্ত্ৰী খাট্টাৰে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দি কৈছিল যে, অভিযুক্ত সাৰি যাব নোৱাৰে । শুকুৰবাৰে অনুষ্ঠিত হোৱা বৈঠকত মন্ত্ৰী অনিল ভিজ(Anil Vij), আৰক্ষী সঞ্চালক প্ৰধান আৰু আন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । আনহাতে, মৃত ব্যক্তিজন পঞ্জাৱৰ ত্ৰণ তৰণ জিলাৰ চীমা খুৰ্দ গাঁৱৰ বাসিন্দা লখবীৰ সিং বুলি জানিব পৰা হৈছে ।

লখবীৰ সিং এজন শ্ৰমিক আৰু কোনো ৰাজনৈতিক দলৰ সৈতে অথবা কোনো অপৰাধমূলক কাৰ্যৰে তেওঁ সম্পৰ্ক নাই বুলি জানিবলৈ দিছে আৰক্ষীয়ে । নিহং শিখ গোটৰ সদস্য সৰবজিৎ সিঙে শুকুৰবাৰে নিশা এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি হাৰিয়ানা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, তেওঁ অপৰাধ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছিল । আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা হাৰিয়ানা-দিল্লীৰ সিংঘু সীমান্তৰ ওচৰত স্থাপন কৰা আৰক্ষীৰ বেৰিকেডত অৰ্ধ-উলংগ অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় । মৃত লোকজনৰ হাত কাটি পেলাইছিল দুৰ্বৃত্তই । লখবীৰ সিঙে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় গ্ৰন্থক অপমানিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: নক্সালবাদী নেতা আক্কি ৰাজু হৰগোপালৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.